AI হ’ব নেকি ভৱিষ্যতৰ ৰজা? ১ জুন,২০২৫
বৰ্তমান সময়ত সৰ্বত্ৰে চৰ্চিত হৈ থকা এটা বিষয় হৈছে AI । যিকোনো বিষয় বা প্ৰশ্নৰে সমাধান এতিয়া AI ৰ হাতত । AI এ যিকোনো কাম কৰিব পাৰে । ছবি আঁকে, কবিতা লিখে, কথা পাতে, নতুবা বেমাৰৰ দধিও দিয়ে । সেয়েহে এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন যে আগন্তুক সময়ত AI এ সকলো দখল কৰিব নেকি? মানুহৰ তেলেণ্টৰ প্ৰয়োজন শেষ হৈ যাব নেকি? প্ৰকৃতাৰ্থত এনে নহয় । কিয়নো যদিহে AI আৰু মানুহ একেলগে লগ হৈ কাম কৰে তেন্তে সম্ভাৱনাৰ নতুন দিশ মুকলি হ’ব । কিন্তু তাতেও প্ৰশ্ন হয় যে AI এ যদি সকলো কাম কৰিব পাৰে তেন্তে কোম্পানী সমূহে মানুহক কৰ্মী হিচাপে কিয় ৰাখিব?
কিন্তু কথা হ’ল AI যিমানেই বুদ্ধিমতী, জ্ঞানী নহওঁক কিয় ই অনুভৱ কৰিব নোৱাৰে । সৃষ্টিশীলতা, সহানুভূতি, নৈতিকতা এইবোৰ মানুহৰ হে গুণ । AI এ কেতিয়াও আয়ত্ত্ব কৰিব নোৱাৰে । যদি বুদ্ধি কৌশলেৰে AI ব্যৱহাৰ কৰা যায় ই কেতিয়াও বিপদ নহয়, বৰঞ্চ মানুহৰ সহায়ক হে হ’ব । AI এ কাম-কাজহে সহজ কৰে কিন্তু ইয়াৰ নিয়ন্ত্ৰণ আমাৰ হাততেই ।
গতিকে সহজ অৰ্থত AI এ ভৱিষ্যত দখল নকৰে । AI ৰ সহায়ত ভৱিষ্যত গঢ়ি তুলিবলৈ সুবিধা হে হ’ব ।
“AI মানুহৰ হাতৰ এটি অস্ত্ৰ । যি দিশে আমি ঢালিম, সেই দিশেই ই গতি কৰিব । ভৱিষ্যৎ আমাৰ চিন্তাৰ ওপৰতে নিৰ্ভৰ কৰে।”