সাধাৰণতে হাঁচি আৰু কাহ মাৰোঁতে মানুহে বৰকৈ চিন্তা নকৰে৷ কিন্তু আধুনিক চিকিৎসা বিজ্ঞানে প্রমাণ কৰিছে যে হাঁচি আৰু কাহৰ ফলত বহুতো ৰোগ বিয়পিব পাৰে৷
হাঁচি মাৰোঁতে ডাঙৰ শব্দ কৰি নাকেৰে সজোৰে বায়ু নির্গত হয়৷ প্রায় সকলো লোকৰে মাজে সময়ে হাঁচিয়াব লগাটো স্বাভাৱিক কার্য৷ কিন্তু কিছুমান মানুহে অত্যধিক হাঁচি মাৰি থাকিবলগীয়া হয়৷ নাকৰ এলার্জি ৰোগত এনে লক্ষণ দেখা যায়৷
সাৱধানতা অৱলম্বন নকৰিলে হাঁচি মৰাৰ ফলত এজনৰ পৰা আনজনলৈ বিভিন্ন ৰোগ বিয়পিব পাৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷ বিশেষকৈ বেক্টেৰিয়া, ফাংগাছ বা ভেঁকুৰ আৰু ভাইৰাছজাতীয় ৰোগৰ বীজাণু এজনৰ পৰা আনজনলৈ বিয়পিব পাৰে৷
হাঁচি মাৰিলে দেখা যায় যে প্রায় তিনি ফুট দূৰত্বলৈ নাকৰ ৰসৰ কণিকা ছিটিকি যাব পাৰে৷ এই কণিকাবোৰত ৰোগৰ বীজাণু থাকিলে ৰোগ বিয়পিব পাৰে৷ সেয়েহে আধুনিক চিকিৎসা বিজ্ঞানীসকলে হাঁচি মাৰোঁতে কিছুমান সাৱধানতা অৱলম্বন কৰিবলৈ পৰামর্শ দিয়ে৷
হাঁচি মৰাটো প্রায়ে স্বাভাৱিক কার্য বুলি গণ্য কৰিলেও কাহ মৰাটো কোনো ৰোগৰ লক্ষণ হ’ব পাৰে বুলি বিবেচনা কৰা হয়৷ কাহ বিশেষকৈ শ্বাসতন্ত্রৰ ৰোগৰ এটা লক্ষণ৷ প্রকৃততে কাহ হৈছে শৰীৰৰ প্রতিৰক্ষামূলক ক্রিয়া৷ কাহ মানে বুজিব লাগিব আমাৰ শ্বাসতন্ত্রৰ কোনোবা অংশত কিবা ৰোগ হৈছে৷ অথবা কোনো অবাঞ্ছিত পদার্থ বাহিৰৰ পৰা শ্বাসতন্ত্রত প্রৱেশ কৰিছে৷ শ্বাসতন্ত্রত জমা হোৱা কফ আৰু অন্যান্য অবাঞ্ছিত পদার্থ কাহে বাহিৰলৈ উলিয়াই দিয়ে আৰু আমাৰ শৰীৰটোক ৰক্ষা কৰে৷ সাধাৰণতে ডিঙিৰ ভিতৰত কফে সুৰসুৰাই দিয়াত ডাঙৰ শব্দ কৰি মুখেৰে সজোৰে ওলোৱা বায়ুক কাহ বোলা হয়৷ অর্থাৎ হাঁচিৰ ক্ষেত্রত নাকেৰে বায়ু নির্গত হয় আৰু কাহ মাৰিলে মুখেৰে বায়ু ওলাই যায়৷ দুয়ো ক্ষেত্রতে ডাঙৰ শব্দ হয় আৰু নাক বা মুখৰ ৰসৰ কণিকা বহু দূৰলৈ তীব্র বেগেৰে গতি কৰে৷ এই কণিকাবোৰত লক্ষ লক্ষ ৰোগৰ বীজাণু থাকিব পাৰে৷ মস্তিষ্কৰ এক স্নায়ু কেন্দ্রই কাহ নিয়ন্ত্রিত কৰে৷ এই কেন্দ্র উত্তেজিত হ’লে কাহ হয় আৰু প্রশমিত হ’লে কাহ কমি যায়৷
ইনফ্লুয়েঞ্জা বা ফ্লু ৰোগ প্রায়ে হাঁচি বা কাহৰ দ্বাৰা বহু লোকৰ মাজত বিয়পি পৰা দেখা যায়৷ ফ্লু ৰোগ এক ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ৷
হাঁচি বা কাহ মৰাৰ পিছত হাতখন চাবোন–পানীৰে ধুই পেলাব লাগে৷
ফ্লুজাতীয় ৰোগ হ’লে ঘৰতে জিৰণি ল’ব লাগে৷
কর্মস্থানত, চিকিৎসালয় আদিত সুৰাসাৰ থকা হাত ধোৱা তৰল পদার্থ(Alcohol based hand sanitizing liquid) সহজলভ্য অৱস্থাত ৰাখিব লাগে৷
স্কুল আৰু চিকিৎসালয়সমূহত মুখা পিন্ধা অভ্যাস(Use of face mask) কৰিব লাগে৷
হাত পৰিষ্কাৰ কৰিবলৈ সুৰাসাৰ থকা হেণ্ড ছেনিটাইজাৰ সঘনে ব্যৱহাৰ কৰিব লাগে৷
ফ্লু জাতীয় ৰোগ হ’লে মুখত মাস্ক ব্যৱহাৰ কৰিব লাগে৷