৪ জুন, ২০২৫ঃ অভিনেতা অমিতাভ বচ্চনৰ সৈতে এটি সুন্দৰ সন্ধিয়া কটোৱাৰ বাবে ছবি ত্যাগ কৰিছিল অভিনেত্ৰী ৰেখাই । অমিতাভ বচ্চন আৰু ৰেখাৰ কাহিনী প্ৰায়ভাগ সময়তে সামাজিক মাধ্যমত চৰ্চিত বিষয় হৈ পৰে । বহু অতীতৰে পৰা অমিতাভ বচ্চন আৰু ৰেখাৰ বহু কাহিনী বাতৰি কাকতৰ পৰা টেলিভিশ্বনৰ পৰ্দালৈ চৰ্চাৰ অন্য এক কাৰণ হৈ পৰে ।
বলিউডৰ প্ৰেম বুলি কলেই যেন অমিতাভ আৰু ৰেখাৰ কাহিনী মনলে আহে । দুয়োৰে প্ৰেমে পূৰ্ণতা নাপালেও আজিৰ সময়চোৱাত ৰেখাই মুকলকৈ প্ৰেমৰ বিষয়ে আলোচনা কৰে । বলিউডৰ পৰা বহু সময়ত বিভিন্ন ধৰণৰ খবৰ পোহৰলৈ আহে । এনে এক সময়তে চলচ্চিত্ৰ নিৰ্মাতা ৰঞ্জিতে এটা সাক্ষাত্কাৰত শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে ।
চলচ্চিত্ৰ নিৰ্মাতা ৰঞ্জিতে এটা সাক্ষাত্কাৰত অমিতাভ আৰু ৰেখাৰ বিভিন্ন কথা বতৰা তেওঁ প্ৰকাশ কৰিছে । ৰঞ্জিতে প্ৰকাশ কৰা অনুসৰি তেওঁ অভিনয় বাদ দি ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিলে।
তেওঁৰ প্ৰথমখন ছবি ‘কাৰানামা’ (১৯৯০) কৰিবলৈ অভিনেতা অভিনেত্ৰী হিচাপে ধৰ্মেন্দ্ৰ, ৰেখা, জয়াভদ্ৰাক বাচনি কৰিছিল । এই ছবিখনত শ্বুটিংৰ বাবে আবেলিৰ সময়খিনি বাচনি কৰি লোৱা হৈছিল। কিন্তু ইয়াৰে পিছদিনাখন হঠাত্ পৰিচালকক উদ্দেশ্যি ৰেখাই প্ৰশ্ন কৰিলে যে প্ৰতিদিনে আবেলি শ্বুটিং হোৱাক লৈ সন্তুষ্ট নাছিল ৰেখা । প্ৰত্যাহ্বান কৰিছিল ছবি কৰাক লৈ ৰেখাই।লগতে আগধন হিচাপে লোৱা ধনো ঘূৰাই দিছিল ৰঞ্জিতক ।
ৰেখাই বিচাৰিছিল প্ৰিয় ব্যক্তি অমিতাভ বচ্চনৰ সৈতে আবেলিৰ সুন্দৰ সময়খিনি অতিবাহিত কৰিবলৈ । যাৰ বাবে ছবি কৰাৰ পৰা বিৰত থাকিল অভিনেত্ৰী ৰেখাই।একমাত্ৰ প্ৰিয় জনৰ সৈতে অলপ সময় অতিবাহিত কবিবৰ বাবেই এনে সিদ্ধান্ত ল’লে ৰেখাই।