বৰষুণৰ বতৰত ৰোগৰ পৰা কেনেদৰে হাত বাচি থাকিব?
অসহ্য গৰমৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ আমি সকলোৱে এজাক বৰষুণলৈ অপেক্ষা কৰি থাকো।বৰষুণৰ টোপাল পৃথিৱীৰ বুকুত পৰাৰ লগে লগে মানুহৰ লগতে প্ৰকৃতিয়েও প্ৰাণ পাই উঠে।যিদৰে বৰ্ষা কালত আমাক প্ৰচণ্ড গৰমৰ পৰা বৰষুণে ৰক্ষা কৰে,ঠিক একেদৰে এই বতৰত পৰিৱেশৰ আৰ্দ্ৰতা আৰু দুষিত পানীৰ ফলত বিভিন্ন ধৰণৰ সংক্ৰামক ৰোগৰ সমস্যাই দেখা দিয়ে।বৰষুণৰ প্ৰকোপ বৃদ্ধি হোৱাৰ ফলত বাৰিষা কালত আমাৰ শৰীৰত নানা ধৰণৰ ৰোগ উৎপন্ন হয়।তদুপৰি ত্ৰিদোষৰ (বাত,পিত্ত আৰু কফ)সমস্যাও বৃদ্ধি হয়।প্ৰকৃতিৰ লগতে আমাৰ শৰীৰতো অম্লতা বাঢ়িবলৈ ধৰে।
পানী জমা হোৱা ঠাইত মহৰ উৎপত্তি হয়।ফলত মহৰ দ্বাৰা বিয়পা ৰোগৰ সংক্ৰমণ ঘটে।বাৰিষা সময়ত সেমেকা পৰিৱেশৰ বাবে জীৱাণু তথা বীজাণুৰ সৈতে ভেঁকুৰ আদি বৃদ্ধি পায়।এই বতৰত বেক্টেৰিয়া,বীজাণু আৰু ভেঁকুৰ আদিৰ সংক্ৰমণো বৃদ্ধি পায়।পানীৰ মাধ্যমেৰে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ ৰোগৰ সংক্ৰমণ হোৱা দেখা যায়।
যিসকল ব্যক্তিৰ দেহত ৰোগ প্ৰতিৰোধ শক্তি কম থাকে আৰু সৰু ল’ৰা-ছোৱালী আদি সোনকালে সংক্ৰমণজনিত ৰোগৰ চিকাৰ হয়।অৱশ্যে প্ৰচণ্ড ৰ’দ আৰু গৰমে এনে ধৰণৰ বীজাণু ধ্বংস কৰিব পাৰে।
মহৰ দ্বাৰা বিয়পা বেমাৰ:
মহৰ দ্বাৰা উৎপন্ন হোৱা বেমাৰৰ ভিতৰত মেলেৰিয়া,ডেংগু ,জাপানীজ এনকেফেলাইটিছ আদি।স্থিৰ পানীত মহে কণী পৰাৰ ফলত গৰমৰ দিনত মহৰ উপদ্ৰৱ ব্যাপক হয়।
পানী তথা খাদ্যৰ দ্বাৰা সংক্ৰমিত ৰোগ:
এই বতৰত পানী আৰু খাদ্যৰ দ্বাৰা বহু ৰোগ সংক্ৰমণ হয়।টাইফয়ড,খাদ্যৰ বিষক্ৰিয়া,জণ্ডিচ,গ্ৰহণী,ডায়েৰিয়া ,হেপাটাইটিছ আদি খাদ্যৰ দ্বাৰা বিয়পা ৰোগ।গৰমৰ দিনত খাদ্য দুঘণ্টাতকৈ অধিক সময় বাহিৰত থৈ দিলে তাত বীজাণুৰ বৃদ্ধি হয়,ফলত খোৱাৰ বাবে উপযোগী হৈ নাথাকে।
উশাহ-নিশাহৰ ফলত হোৱা সংক্ৰমণ:
গৰমৰ দিনত প্ৰদুষিত পৰিৱেশ আৰু জীৱাণুৰ কাৰণে চৰ্দি,কাহ,জ্বৰ,শ্বাসনলীৰ খজুৱতি ,কাণৰ সংক্ৰমণ,চকুৰ ৰোগ আদি বিভিন্ন ৰোগে দেখা দিয়ে।
বিভিন্ন ধৰণৰ চৰ্মৰোগ:
বাৰিষা কালত এথলিট ফুট,একজিমা আদি বেমাৰৰ প্ৰকোপ বৃদ্ধি হোৱা দেখা যায়।ভৰি তিতি থকাৰ ফলত তথা সেমেকা জলবায়ুৰ বাবে গাৰ ছাল আঠাযুক্ত হৈ পৰে।ফলত জীৱাণুৱে অতি সোনকালে আক্ৰমণ কৰে।
বাৰিষা কালত সংক্ৰমণৰ ফলত হোৱা বিভিন্ন ৰোগ আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান উপায় তলত উল্লেখ কৰা হ’ল।
(১) কলেৰা বা হাইজা ।
(২) গেষ্ট্ৰেএন্টাৰাইটিছ ।
(৩) পেটৰ বিভিন্ন বেমাৰ ।
(৪) ডিচেন্ট্রি বা গ্রহণী।
(৫) সন্নিপাত জ্বৰ।
(৬) মেলেৰিয়া আৰু চেৰিব্রেল মেলেৰিয়া ইত্যাদি।
এই বতৰত এই বেমাৰসমূহৰ পৰা হাত সাৰি থাকিব হ’লে তলত দিয়া ব্যৱস্থাবোৰ গ্ৰহণ কৰিব লাগে।
(১) খোৱাপানী, গাখীৰ আদি ভালদৰে উতলাই চেঁচা কৰি খাব লাগে আৰু উপযুক্ত ঢাকনিৰে ভালদৰে ঢাকি ৰাখিব লাগে।
(২) ঘৰৰ জাবৰ-জোঁথৰ, ৰোগীৰ শৌচ, ল’ৰা-ছোৱালীৰ শৌচবমি আদি ঘৰৰ পৰা দূৰত গাঁত খান্দি পুতি ৰাখিব লাগে আৰু জ্বলাই দিব পৰাখিনি জ্বলাই দিব লাগে, যাতে তাৰ পৰা মহ-মাখিৰ উৎপত্তি হ’ব নোৱাৰে আৰু মহ-মাখিয়ে এইবোৰৰ পৰা বীজাণু বিয়পাব নোৱাৰে।
(৩) খোৱা খাদ্যত মাখি আদি পৰিব নোৱাৰাকৈ ঢাকি ৰাখিব লাগে।
(৪) পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সদায় নজৰ ৰাখিব লাগে। দুৰ্গন্ধময় লেতেৰা পৰিৱেশৰ পৰা সদায় আঁতৰত থাকিব লাগে।
(৫) অত্যধিক জ্বৰ হ’লে লগে লগে ওচৰৰ চিকিৎসা কেন্দ্ৰলৈ গৈ তেজ পৰীক্ষা কৰাই উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।
(৬) শৌচ, বমি আদি হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
(৭) প্রত্যেকবাৰ খোৱাৰ আগতে বাচন-বৰ্তন আদি ভালকৈ ধুই ল’ব লাগে।
(৮) য’তে-ত’তে শৌচ কৰিব নালাগে।
(৯) মুকলিকৈ ৰখা দোকানৰ মিঠাই, ভজা বস্তু আদি খাব নালাগে।
(১০) য’তে-ত’তে পানী খাব নালাগে।
(১১) গেলিবলৈ ধৰা ফল আৰু মাছ খাব নালাগে।
(১২) নদী বা পুখুৰীত শৌচ, বমি আদি পেলাব নালাগে।