Home » আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস, জানো আহক এই দিৱসৰ ইতিহাস….

আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস, জানো আহক এই দিৱসৰ ইতিহাস….

by surabhi barman
0 comments

১২ জুন, ২০২৫ঃ শিশু শ্ৰমিক হ’ব লগা হোৱাটো এনে এক সামাজিক ব্যাধি যিয়ে এজন শিশুক শাৰিৰীক আৰু মানসিকভাৱে পংগু কৰাৰ লগতে সমাজ তথা দেশৰ প্ৰগতিতো বাধাৰ সৃষ্টি কৰে ৷ শিশু শ্ৰমিকসকলে হেৰুৱাই পেলায় সিহঁতৰ শৈশৱ , কৈশোৰ , শিক্ষা ৷ যিটো শাৰিৰীক , সামাজিক , আৰু নীতিগতভাৱে বিপদজনক আৰু ক্ষতিকাৰক।

আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। বিশ্বব্যাপী শিশুৰ অধিকাৰ ৰক্ষা কৰিবলৈ আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১২ জুন তাৰিখে এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ বিশেষ সহযোগী শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ সহযোগত গোটেই বিশ্বতে এই দিৱস পালন কৰা হয়।

২০০২ চনত আন্তৰ্জাতিক শ্ৰমিক সংস্থায়ে শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্য বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ পাতনি মেলিছিল। ১৯৭৩ চনৰ বিশ্ব শ্ৰমিক সংস্থাৰ নিম্নতম বয়স সন্মিলনৰ দ্বাৰা প্ৰেৰিত হৈ এই দিৱসৰ সূচনা কৰা হৈছিল। ইয়াত কৰ্ম-সংস্থাপনৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰা হৈছিল।ৰাষ্ট্ৰসংঘৰ বিশেষ শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থায়ে গোটেই বিশ্বত কৰ্মৰ লগত জড়িত বিষয় সমূহক নিয়ন্ত্ৰণ কৰে।

২০০২ চনত পোন-প্ৰথমবাৰৰ বাবে উদযাপিত হোৱা বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংগঠন, স্থানীয় অনুষ্ঠান, আন্তৰ্জাতিক সংগঠন, কৰ্মচাৰী সংগঠন আৰু নাগৰিক সভাসমূহক শিশু শ্ৰমৰ বিৰুদ্ধে মাত মাতিবলৈ এক মঞ্চ আগবঢ়াইছিল। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় স্তৰত শিশু শ্ৰমক চিনাক্ত কৰি ইয়াৰ বিৰুদ্ধে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰি কাৰ্যপন্থা আৰম্ভ হ’ল। ইয়াৰ লগতে শিশু শ্ৰমিকৰ কল্যাণৰ অৰ্থে বিভিন্ন আঁচনি ৰূপায়ণ কৰা হ’ল।

এই অনুষ্ঠানে বৰ্তমান সময়ত গতি লাভ কৰিছে আৰু এতিয়া সমগ্ৰ বিশ্বতে প্ৰতি বছৰে আজিৰ দিনটোত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে শিশু শ্ৰমিকৰ বিষয়টোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা আৰু ইয়াৰ ফলপ্ৰসূ বিৰুদ্ধে যুঁজিবলৈ প্ৰচেষ্টা সংগঠিত কৰা।

আপুনিও যদি কৰবাত শিশু শ্ৰমিক দেখিছে তেন্তে ইয়াৰ বিৰুদ্ধে মাত মাতক। শিশুক দেশৰ সুনাগৰিক ৰূপে গঢ়ি তোলাত আগভাগ লওক।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Recent Posts

Guide Map