১২ জুন, ২০২৫ঃ “সত্য সনাতন নিত্য নিৰঞ্জন দেৱ। অনাদি অনন্ত যোহি বিনে নাহি কেৱ।। সোহি প্রভু নাম ধৰে নন্দকু নন্দন। কৰোঁ পৰভাতে তষু চৰণ বন্দন।।”
আজি মহাপুৰুষ মাধৱদেৱৰ আৰ্বিভাৱ তিথি। গুৰুবন্দনা, নাম-কীৰ্তন তথা হৰিনামৰ ধ্বনিৰে মুখৰিত অসমৰ আকাশ-বতাহ। ধৰাৰ বুকুলৈ নামি আহিব অমৃত প্ৰেমৰ নিজৰা। পুৱাৰে পৰা শ্ৰী শ্ৰী মাধৱদেৱৰ বন্দনা, হৰিনামেৰে মুখৰিত হ’ল ৰাজ্যৰ বিভিন্ন প্ৰান্ত । সমগ্ৰ ৰাজ্যই গুৰুজনাৰ প্ৰতি থকা অপৰিসীম শ্ৰদ্ধা আৰু ভকতিৰে ৫৩৭ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱ পালন কৰিছে। গোলাঘাটৰ আঠখেলিয়া নামঘৰ, ঢেকীয়াখোৱা বৰনামঘৰ আদিত উত্সৱমুখৰ পৰিৱেশ। ঢেকীয়াখোৱা বৰনামঘৰত ৪ জুনৰ পৰা গুৰুজনাৰ জন্মোৎসৱ পালন কৰা দেখা গৈছে ।
আলো মঞি কি কহবো দুখ।
ৰাণ নিগৰে নাদেখিয়া চান্দ-মুখ।।
কত পুণ্যে লভিলো গুণেৰ নিধি শ্যাম।
বঞ্চিয়া নিলেক নিকৰুণ বিধি বাম।।
শ্যামকানু বিনে মোৰ নৰহে জীৱন।
হা শ্যাম বুলিতে অকুল কৰে মন…।।“
১৮৮৯ চনত জন্ম লাভ কৰা শ্ৰী শ্ৰী মাধৱদেৱ সম্পৰ্কে কোনো অসমীয়াকেই কাহানিও পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নহ’ব । অসমীয়া জাতিৰ অস্তিত্ব থকালৈকে থাকিব গুৰুদুজনাৰ আদৰ্শ আৰু অৱদান । শ্ৰীমন্ত শংকৰদেৱৰ দৰেই সকলো দিশতেই সমানেই পাণ্ডিত্য আছিল শ্ৰী শ্ৰী মাধৱদেৱৰো । শংকৰদেৱে বঢ়াৰ পো আখ্যা দিয়া মাধৱদেৱৰ সৃষ্টিৰাজিয়েই ইয়াৰ প্ৰমাণ ।
মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগোহো ভকতি |
সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি ||
যাৰ ৰাম-কৃষ্ণ নাম নামে ভৱ-সিন্ধু তৰি পাৱে পৰমপদ পাপী যত |
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোহোঁ হৃদয়ত ||
শ্ৰীশ্ৰী মাধৱদেৱ আছিল অসমৰ নৱবৈষ্ণৱ ভক্তিধৰ্ম আন্দোলনৰ এগৰাকী গুৰি ধৰোঁতা। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল মাধৱদেৱ। গুৰুজনাৰ মহাপ্ৰয়াণৰ পাছত মহাপুৰুষীয়াধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব তেখেতৰ ওপৰতে পৰে। শংকৰদেৱৰ সৈতে তেওঁ আহোম ৰাজ্যৰ উজনি অসম পৰিত্যাগ কৰে আৰু নামমি কোচ ৰাজ্যৰবৰপেটা জিলাত তেখেত থাকিবলৈ লয়। শংকৰদেৱৰ বৰপেটা ওচৰৰ চূণপোৰা এৰি পাটবাউসীত থাকিবলৈ লোৱা সময়তে মাধৱদেৱে গণককুছিত থাকিবলৈ লয়। এই সময়তে গুৰু শংকৰৰ সৈতে তেওঁ তীৰ্থভ্ৰমণলৈ যায়। শংকৰদেৱৰ বিয়োগৰ পাছত মহাপুৰুষ মাধৱদেৱে অসমৰ নৱবৈষ্ণৱধৰ্মৰ গুৰুত্ব দাঙি গ্ৰহণ কৰে। মাধৱদেৱ ৰ জীৱনকৰ শেষ সময়খিনি কোঁবেহাৰৰ ৰজা লক্ষ্মীনাৰায়নৰ ৰাজ্য ভেলাদুৱাৰত থাকিবলৈ লয়। তাতে তেওঁ মহাপ্ৰয়াণ ঘটে।
বেদৰ বিহিত যত
সবে হৰি নামৰ কিংকৰ।
আছে ধৰ্ম্ম সংসাৰত
হেন জানি যিটোজনে
সেহিসে পৰম সাধু নৰ।।
শ্ৰীশ্ৰী মাধৱদেৱৰ স্থাপন কৰা সত্ৰ সমূহ হৈছে বৰপেটা সত্ৰ সুন্দৰী সত্ৰ আদি। বহুমুখী প্ৰতিভাৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ আছিল একেধাৰে কবি, নাট্যকাৰ, গীতিকাৰ, সুগায়ক, আৰু ধৰ্ম প্ৰচাৰক। বৰগীত, ভটিমা ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য, দধিমথন, ভোজন-ব্যৱহাৰ (এই পুথিখনক ভোজন-বিহাৰ বুলিও কোৱা হয়, ভূমি লেটোৱা, চোৰধৰা আৰু পিম্পৰা গুচোৱা আদিকে ধৰি মহাপুৰুষ জনাৰ পুথি প্ৰণয়ন কৰিছিল। তেখেতৰ শ্ৰেষ্ঠ কৃতিখনৰ নাম হৈছে ‘নাম-ঘোষা’। শ্ৰীমন্ত শংকৰদেৱৰ দৰেই মাধৱদেৱৰো সৃষ্টিৰাজি কেৱল ভক্তিমূলক নাছিল । ভক্তিৰ মাজতেই লুকাই আছে মহাপুৰুষ গৰাকীৰ কবিত্বময় প্ৰকাশ । ইয়াৰেই জলন্ত উদাহৰণ মহাপুৰুষজনাৰ অমৰ সৃষ্টি নামঘোষা । নামঘোষাৰ ওপৰত ড০ সত্যেন্দ্ৰ নাথ শৰ্মাই ‘অসমীয়া সাহিত্যৰ সমিক্ষাত্মক ইতিবৃত্ত’ ত প্ৰকাশ কৰিছে এক গৱেষণামূলক অধ্যয়নৰ । মহাপুৰুষজনাৰ সাহিত্য ৰাজিক প্ৰধানকৈ ভাগ কৰা হয় আখ্যানমূলক আৰু তত্ৱমূলক সাহিত্যত । ইয়াৰ উপৰিও গুৰু শংকৰদেৱৰ পদধূলা অনুসৰণ কৰিয়েই ৰচনা কৰিছিল বৰগীত আৰু আন কাব্যৰ । বিশ্ব বিশ্ৰুত নাট্যকাৰ শ্বেক্সপীয়েৰৰ জন্মৰো বহু বছৰ পূৰ্বেই অসমত আধুনিক নাটক আৰু সাহিত্যৰ সূচনা হৈছিল মহাপুৰুষ দুজনাৰ উদ্যোগত । মহাপুৰুষ মাধৱদেৱৰ সাহিত্য ৰাজিৰ অধ্যয়ন পৰৱৰ্তী কালত বিদ্যালয় পৰ্যায়ত কেৱল তেজৰে কমলাপতি, আৰু মহাবিদ্যালয় পৰ্যায়ত বৰগীত,ভটিমা আৰু নাটৰ মাজতেই সীমাবদ্ধ । গৱেষক সকলেও সময়ে সময়ে মহাপুৰুষ জনাৰ সৃষ্টিৰ ওপৰত গৱেষণা কৰি আহিছে যদিও আধুনিক অসমীয়া সাহিত্য আৰু বিশেষকৈ নাট্য জগতত তেখেতৰ অৱদান সম্পৰ্কে আলোচনা খুবেই নগণ্য । মহাপুৰুষ জনাক কেৱল মহাপুৰুষ হিচাপেই বা ধৰ্ম প্ৰচাৰক হিচাপেই নহয় বৰং অন্তত: আজিৰ দিনটোত নাট্যকাৰ তথা এগৰাকী সমাজ-সংস্কাৰক হিচাপেও স্মৰণ কৰা উচিত।।