১৯ জুন, ২০২৫ঃ উৎকট গৰম, এই গৰমৰ দিনত নেমুৰ চৰবত এগিলাচৰ প্ৰয়োজনীয়তা সকলোৱেই অনুভৱ কৰে । নেমু চৰবতে শৰীৰক শীতল কৰাই নহয়, ই স্বাস্থ্যৰ বাবে বহু উপকাৰি হিচাপে পৰিগণিত ৷ নেমুৰ আছে বহু ঔষধি গুণাগুণ।
বমি ভাৱ আহিলে নেমুৰ পাত হাতেৰে মোহাৰি শুঙিবলৈ দিয়া পৰম্পৰা সমাজত বৰ্তমানেও প্ৰচলিত আছে । পেটৰ অসুখ হ’লে কাচৰ বৈয়ামত নিমখত দিয়া অকণমান নেমু খালে ভাল হয় ।
স্কাৰ্ভি’ নামৰ দাঁতৰ ৰোগ প্ৰতিৰোধ কৰাত নেমুৱে সহায় কৰে । এই ৰোগ হ’লে নেমুৰ ৰসত নিমখ মিহলাই দাঁত ঘঁহিলে যথেষ্ট উপশম পোৱা যায় ।
বদহজম, জ্বৰ আদি হোৱাৰ পাছত বা আন কোনো কাৰণত ভালদৰে ভোক নলগা ভাব হ’লে নেমুৰ চৰবত খাই উপকৃত হ’ব পাৰি। ই তৃষ্ণা নিবাৰক, ৰক্ত পিত্তনাশক, বাতবিষ, কাহ-কফ ৰোগ, কোষ্ঠবদ্ধতা, কণ্ঠ ৰোগনাশক আৰু জ্বৰনাশক আদি ক্ষেত্ৰতো সহায়ক ।
নেমুৰ ৰস হৈছে এক সতেজ আৰু শীতল পুষ্টিকৰ পানীয় যি বহুতো স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে, বিশেষকৈ গ্ৰীষ্মকালত নেমুৰ ৰসে শৰীৰৰ শীতল কৰি ৰাখে ৷ গ্ৰীষ্ম কালত নেমুৰ ৰস খোৱাৰ বহু উপকাৰীতা আছে ৷ নেমুৰ ৰসে তৰল আৰু ইলেক্ট্ৰলাইট পূৰণ কৰাত সহায় কৰে ৷
নেমুত ভিটামিন চি থাকে, যিয়ে মানুহৰ দেহত ৰোগ প্ৰতিৰোধ প্ৰণালী অধিক শক্তিশালী কৰি তোলে ।