Home » প্ৰধানমন্ত্ৰী মোডীক চাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান

প্ৰধানমন্ত্ৰী মোডীক চাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান

by surabhi barman
0 comments

প্ৰধানমন্ত্ৰী মোডীক চাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৫ দিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণত আছে। বৰ্তমান তেওঁ চাইপ্ৰাছ ভ্ৰমণত আছে আৰু আজি দ্বিতীয় দিন। এই দিনটোতেই মোদীক ইউৰোপীয় দেশৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা হৈছে। ছাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান লাভ কৰা বিশ্বৰ ২৩ সংখ্যক নেতা প্ৰধানমন্ত্ৰী মোদী। ৰাজধানী নিকোচিয়াত চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে প্রধানমন্ত্রী মোদীক চাইপ্ৰাছক সৰ্বোচ্চ সন্মান “গ্ৰেণ্ড অফ দ্যা অৰ্ডাৰ অফ মাকাৰিছি তৃতীয়”ৰে সন্মানিত কৰে। এই সন্মান কেৱল মোৰ নৰেন্দ্ৰ মোদীৰ স্বীকৃতি নহয়। এই সন্মান ১.৪ বিলিয়ন ভাৰতীয়ৰ বাবে ই এক সন্মান। তেওঁলোকৰ শক্তি আৰু আকাংক্ষাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। যিয়ে ভাৰতৰ সংস্কৃতি, মূল্যবোধ, আৰু বসুধৈৱ কুটুম্বকমৰ দৰ্শনৰ স্বীকৃতিও প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।মোদীয়ে কয়, “সকলো ভাৰতীয়ৰ হৈ এই সন্মান মই অত্যন্ত বিনম্ৰতা আৰু কৃতজ্ঞতাৰে গ্ৰহণ কৰিছো। এই সন্মান শান্তি, নিৰাপত্তা, সাৰ্বভৌমত্ব, ভূখণ্ডীয় অখণ্ডতা আৰু সমৃদ্ধিৰ প্ৰতি আমাৰ অদম্য দায়বদ্ধতাৰ প্ৰতীক। এই সন্মান ভাৰত আৰু চাইপ্ৰাছৰ সম্পৰ্কৰ প্ৰতি দায়ত্ববদ্ধতাৰ প্ৰতীক।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Recent Posts

Guide Map