Home » উত্কট গৰমত কেনে ধৰনৰ খাদ্য গ্ৰহন কৰিব লাগে ?

উত্কট গৰমত কেনে ধৰনৰ খাদ্য গ্ৰহন কৰিব লাগে ?

by Abhilasha das kalita
0 comments

উত্কট গৰমত কেনে ধৰনৰ খাদ্য গ্ৰহন কৰিব লাগে ?

(1) মাছ, মাংস, ডিম খোৱাৰ পৰা যথাসম্ভৱ বিৰত থাকক।
(2) তেল, ঘিঁউ আদি কৰি অন্য চৰ্বিযুক্ত খাদ্য যথাসম্ভৱ পৰিহাৰ কৰক ।
(3) যথেষ্ট পৰিমাণে পৰিস্কাৰ পানী খাওক। গৰম লাগিছে বুলি ফ্ৰীজত ঠাণ্ডা কৰা পানী, কল্ড ড্ৰিংকছ, আইচক্ৰীম উৎকট গৰমৰ সময়ত নাখাব ; বিয়লিৰ পিছত কম পৰিমাণে খাব পাৰে।
(4) নেমুৰ চৰবৎ, ডাবৰ পানী, কুঁহিয়াৰৰ ৰস, গ্লুকজপানী মাজে মাজে খাব পাৰে। ডায়েবেটিজৰ ৰোগীয়ে গ্লুকজ পানী বৰ্জন কৰিব, কম পৰিমাণৰ কুঁহিয়াৰৰ ৰস খাব পাৰে যদি তেজৰ শৰ্কৰাৰ পৰিমাণ যথেষ্ট বেছি নহয়।
(5) ঢিলা, বগা কপাহী কাপোৰ পিন্ধক। চিন্থেটিক পোছাক পৰিহাৰ কৰক।
(6)বাহিৰলৈ ওলাই গ’লে ছাতি, টুপী, ক’লা চশমা ইত্যাদি ব্যৱহাৰ কৰিবলৈ সংকোচ নকৰিব।
(7) উচ্চ ৰক্তচাপৰ ৰোগী আৰু হৃদৰোগী সকলে পোনপটীয়া সূৰ্য্যৰ পোহৰত বেছি সময় ঘূৰাপকা নকৰিব।
(8) বাৰে বাৰে গা নুধুব।
(9) কঠোৰ শাৰিৰীক পৰিশ্ৰমৰ কাম পুৱা ৯/১০ বজাৰ আগতে শেষ কৰক, বিয়লি ৪ বজাৰ পৰা পুণৰ সৰ্বাধিক ডেড় দুঘণ্টাৰ বাবে কৰিব পাৰে যদি শৰীৰে অনুমতি দিয়ে।
(10) যথেষ্ট পৰিমাণে জিৰণি লওক, নিজকে উত্তেজিত কৰিব পৰা খাদ্য, আচৰণ আৰু পৰিৱেশৰ পৰা দূৰত ৰাখক।
(11) শৰীৰে গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে অভ্যাস বশতঃ খাদ্য গ্ৰহণ নকৰিব।
(12) ৰন্ধা খাদ্য বেছি সময় ৰাখি থৈ নাখাব।
(13) চিৰা দৈ কল গুড় আদি খাদ্যৰ প্ৰতি মনোযোগ দিয়ক।
(14) শাকপাচলি, ছালাড, শুকান ফল আদি এই সময়ত উপকাৰী।
(15) পৰম্পৰাগত খাদ্য যেনে ভেদাইলতা, নৰসিংহ মানিমুনিৰ লগত সম্পৰ্ক স্থাপন কৰক। নহৰু আৰু তেতেলি ব্যৱহাৰ কৰিব পাৰে।
(16) উপযুক্ত পৰিমাণে প্ৰস্ৰাৱ যাতে হয় তাৰ প্ৰতি লক্ষ্য ৰাখক।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Recent Posts

Guide Map