Home » প্ৰচণ্ড গৰমৰ দিনকেইটাত কেনেকৈ ল’ব আপোনাৰ ছালৰ যতন?গ্ৰীষ্মকালত আপোনাৰ ছালখন সুস্থ কৰি ৰখাৰ কেইটামান টিপছ্

প্ৰচণ্ড গৰমৰ দিনকেইটাত কেনেকৈ ল’ব আপোনাৰ ছালৰ যতন?গ্ৰীষ্মকালত আপোনাৰ ছালখন সুস্থ কৰি ৰখাৰ কেইটামান টিপছ্

by karismita matak
0 comments

বৰ্ধিত উষ্ণতাত নিজকে সুস্থ কৰি ৰাখিবলৈ মানুহে নিজৰ জীৱনশৈলীত বহু পৰিৱৰ্তন কৰি আহিছে । খাদ্যৰ পৰা আৰম্ভ কৰি কাপোৰ-কানিলৈকে এই ঋতুত মানুহে সুস্থ হৈ থাকিবলৈ বহু ব্যৱস্থা গ্ৰহণ কৰে । বতৰৰ পৰিৱৰ্তনৰ প্ৰভাৱ কেৱল আমাৰ স্বাস্থ্যৰ ওপৰতেই নহয় বৰঞ্চ আমাৰ ছালৰ ওপৰতো পৰে ।
এনে পৰিস্থিতিত পৰিৱৰ্তিত বতৰৰ লগতে ছালৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজনীয় । যদি আপুনিও গ্ৰীষ্মকালত আপোনাৰ ছালৰ বিশেষ যত্ন ল’ব বিচাৰে, তেন্তে ইয়াৰ বাবে এই সহজ টিপছসমূহ মানি চলিব পাৰে

*খাদ্যত ভিটামিন-C অন্তৰ্ভুক্ত
আমাৰ ছালৰ বাবে ভিটামিন-C অতি গুৰুত্বপূৰ্ণ । যদি আপুনি গ্ৰীষ্মকালত আপোনাৰ আপোনাৰ খাদ্য তালিকাত ভিটামিন-C অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ ইয়াৰ বাবে কমলা, নেমু, আমলখি, আঙুৰ, বিলাহী আদি খাব পাৰে

*অধিক পানী খাব লাগে
গ্রীষ্মৰ আগমনৰ লগে লগে আমাৰ শৰীৰত পানীৰ প্রয়োজনো বহুত বাঢ়ি যায় । এনে পৰিস্থিতিত সুস্থ হৈ থাকিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰাটো অতি প্ৰয়োজনীয় ।সুস্থ ছালৰ বাবে দিনে ২ৰ পৰা ৩ লিটাৰ পৰ্যন্ত পানী খাব লাগে

*ছানস্ক্ৰীণ লগাব লাগে
গ্ৰীষ্মকালত ছালৰ বিশেষ যত্ন ল’বলৈ হ’লে ৰ’দৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ইয়াক ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় । ইয়াৰ বাবে দিনত ৰ’দত ওলাই নাযাবলৈ চেষ্টা কৰক । কিন্তু যদি কিবা কামৰ বাবে ৰ’দত যাবলগীয়া হয়, তেন্তে নিশ্চয়কৈ হাত, ডিঙি, ভৰি আৰু মুখত ছানস্ক্ৰীণ লগাব

*কম মেকআপ কৰিব
যদি আপুনি গ্ৰীষ্মকালত আপোনাৰ ছালখন সুস্থ কৰি তুলিব বিচাৰে তেন্তে মেকআপৰ ব্যৱহাৰ কম কৰাটো ভাল হ’ব । কম মেকআপ কৰিলে ছালে উশাহ ল’ব পাৰিব । এনে পৰিস্থিতিত মুখত গধুৰ ফাউণ্ডেচন আৰু ক্ৰীম ব্যৱহাৰ নকৰিবলৈ চেষ্টা কৰক । লগতে কেৱল জৈৱিক আৰু লঘু প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰক ।

You may also like