Home » পাহাৰীয়া জিলা ডিমা হাছাওত পুনৰ ভূমিস্খলন

পাহাৰীয়া জিলা ডিমা হাছাওত পুনৰ ভূমিস্খলন

by surabhi barman
0 comments

পাহাৰীয়া জিলা ডিমা হাছাওত পুনৰ ভূমিস্খলন

ৰাজ্যৰ ভিন্ন স্থানত শেহতীয়া দুদিনত দেখা গৈছে বৰষুণৰ প্ৰকোপ। নেৰানেপেৰা বৰষুণৰ ফলত জাতিংগা-লামপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ধাৰাবাহিক ভূমিস্খলনৰ ফলত ৰাজ্যৰ ৰে’ল সেৱাত দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰভাৱ।এনে পৰিস্থিতিৰ মাজতেই উত্তৰ-পূব সীমান্ত ৰে’লৱে অনিৰ্দিষ্ট কাললৈ যাত্ৰীবাহী ৰে’ল সমূহ বাতিল কৰিছে।NHAIৰ চৰম গাফিলতিৰ ফলত এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ। পাহাৰীয়া জিলা ডিমা হাছাওত পুনৰ ভূমিস্খলনৰ বাবে ৰে’ল বিভাগে মঙলবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বাতিল কৰিলে যাত্ৰীবাহী ৰে’ল সমূহৰ চলাচল। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসংযোগ বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এখনি প্ৰেছ বিবৃতি দ্বাৰা উল্লেখ কৰে এই তথ্য।

বাতিল কৰা ৰে’লঃ
১৫৬১৫ গুৱাহাটী–শিলচৰ এক্সপ্ৰেছ
১৫৬১১ ৰঙিয়া–শিলচৰ এক্সপ্ৰেছ
১৫৬১৭ গুৱাহাটী–দুলাবচেৰা এক্সপ্ৰেছ
১৫৬১২ শিলচৰ–ৰঙিয়া এক্সপ্ৰেছ
১৫৬১৮ দুলাবচেৰা–গুৱাহাটী এক্সপ্ৰেছ
০৫৬৩৭ নাহৰলগুন–শিলচৰ স্পেচিয়েল
১২৫০৪ আগৰতলা–এছ এম ভি বি (বেংগালুৰু) এক্সপ্ৰেছ
১৪০৩৭ শিলচৰ–নতুন দিল্লী এক্সপ্ৰেছ

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Recent Posts

Guide Map