২৫ জুন, ২০২৫ঃ পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰৰ সৈতে কাম কৰাৰ ফলত উদ্ভৱ হোৱা বিতণ্ডাৰ বাবে পাঞ্জাবী অভিনেতা তথা গায়ক দিলজিত দোচাঞ্জৰ নতুন চলচ্চিত্ৰ ‘সর্দাৰজী ৩’-ক ভাৰতত মুক্তিৰ পৰা নিষিদ্ধ কৰা হৈছে ।
চিনেমাখনত পাকিস্তানী শিল্পীৰ সৈতে সম্পৰ্ক ৰখাৰ বাবে বহুতো দেশপ্ৰেমিক গোট আৰু সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে তীব্ৰ প্ৰতিবাদ জনায় । এই প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে, ভাৰতৰ কিছুমান স্থানীয় চলচ্চিত্ৰ সংগঠনে ছবিখন ভাৰতত মুক্তি নিদিবলৈ দাবী কৰে আৰু শেষত সেই অনুযায়ী নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
এই ঘটনাৰ কাৰণ হ’ল এপ্ৰিল ২০২৫-ৰ পেহেলগামত হোৱা সন্ত্রাসবাদী আক্ৰমণ । এই প্ৰেক্ষাপটতে বিতণ্ডা আৰু গভীৰ হয়, কিয়নো ‘অপাৰেচন সিন্দুৰ’ৰ পাছত হানিয়া আমিৰে ভাৰত-বিৰোধী মন্তব্য কৰিছিল । এই মন্তব্যৰ পিছতে হানিয়া আমিৰৰ ইনষ্টাগ্ৰাম একাউণ্টটো ভাৰতত ব্লক কৰা হৈছিল ।
অথচ এই চিনেমাখনত এইগৰাকী পাকিস্তানী অভিনেত্ৰীয়ে মুখ্য ভূমিকাত অভিনয় কৰিছে । এই সন্দৰ্ভ সমূহেই ভাৰতীয় জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰু দেশপ্ৰেমিক গোটসমূহৰ মাজত অসন্তোষৰ সৃষ্টি কৰে ।
এই সকলো ঘটনাৰ প্ৰভাৱত দিলজিত দোচাঞ্জৰ ‘সর্দাৰজী ৩’ চিনেমাখন ভাৰতত মুক্তি নিদিয়াৰ সিদ্ধান্ত লোৱা হয়। ছবিখন এতিয়া কেৱল আন্তঃৰাষ্ট্ৰীয় বজাৰত ২৭ জুন মুক্তি পাব বুলি ঘোষণা কৰা হৈছে।