Home » গৰমৰ দিনত পঁইতা ভাত প্ৰিয় নে?

গৰমৰ দিনত পঁইতা ভাত প্ৰিয় নে?

পঁইতা ভাতৰ গুণাগুণ জানিলে আচৰিত হ’ব!

by pompy das
0 comments

২৬ জুন, ২০২৫ঃ অসমীয়া সমাজত পঁইতা ভাত এটি জনপ্ৰিয় খাদ্য ৷ ইয়াৰ ব্যতিক্ৰমী জুতি থকাৰ লগতে পঁইতা ভাতৰ আছে বহু ঔষধি গুণ। পঁইতা ভাত আমাৰ শৰীৰৰ বাবে বহু উপকাৰী।আমাৰ সমাজত অতীতৰেপ্ৰচলিত এবিধ খাদ্য
হৈছে ।

বহুতৰে প্ৰিয় এই পঁইতা ভাত। আগদিনা ৰাতি ৰন্ধা আলুৱা বা উখোৱা চাউলৰ ভাত পানী দি তিয়াই থৈ পুৱা পঁইতা ভাত বহুলোকেই খায় ভাল পায়। পঁইতা ভাতক বহুতে পন্তা ভাত বুলিও কয়। পঁইতা ভাতৰ সোৱাদ অলপ টেঙা হয়। পঁইতা ভাত টেঙা হোৱাৰো এটা বিশেষ কাৰণ আছে।ইয়াত ভাত আৰু পানীৰ সংমিশ্ৰণত বেক্টেৰিয়াই ফাৰমেনটেচন হয়। সেয়ে ইয়াৰ সোৱাদ টেঙা হয়।

পঁইতাভাতত ভিটামিন ‘বি’ আৰু মাইক্ৰ’ অৰ্গেনিক তৈয়াৰ হয় আৰু ই মানুহৰ পাকস্থলীৰ ঘা আৰু বিভিন্ন পেটৰ ৰোগ নিৰাময় কৰাত সহায় কৰে। পঁইতাভাতে ভিটামিন ই সংশ্লেষণৰ দ্বাৰা দেহৰ মৃতকোষসমূহ সক্ৰিয় কৰি তোলাত সহায় কৰে। পঁইতাভাতে মানুহৰ শৰীৰৰ ভাগৰ দূৰ কৰে।

মানুহৰ কৰ্মশক্তি বঢ়ায় আৰু শৰীৰটোক শীতল কৰি ৰাখে। এই ভাত খোৱাৰ ফলত মানুহৰ কোষ্ঠকাঠিন্য দূৰ হয়। পঁইতাভাত খালে মানুহৰ গেছৰ সমস্যা নাইকিয়া হয়। পঁইতা ভাতত থকা প্ৰ’টিনে মানুহক দীৰ্ঘায়ু কৰি তোলে।

You may also like