লাচিত
চৰাইদেউত ১৬২২ চনৰ ২৪ নৱেম্বৰত জন্ম গ্ৰহণ কৰা লাচিত বৰফুকনক অসমৰ সৌয্য বিয্য আৰু সাহসৰ প্ৰতীক হিচাপে মনা যায়। আধুনিক অসমৰ সৈনিক বুলি লাচিত বৰফুকনক আজিও মনা হয়। মোমাই তামূলী বৰবৰুৱা আৰু নাঙ লা চেং আইদেউৰ লাচিত বফুকনৰ পিতৃ আৰু মাতৃ আছিল। ১৬৭১ চনত তেখেতে আহোম সেনাক নেতৃত্ব দি মোগল সৈনিক পৰাজিত কৰিছিল। এইখন চৰকাৰৰ নেতৃত্বত যোৰহাটৰ লাচিত মৈদামত বীৰ সৈনিক জনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। ভাৰতবৰ্ষৰ ভিতৰত লাচিতৰ সু উচ্চ প্ৰতিমূৰ্তি হোলোঙাপাৰত অৱস্থিত।।আমি আমাৰ ভবিষ্যত প্ৰজন্মক উক্ত বীৰ জনৰ সাহস ও ত্যাগৰ বিষয়ে শিকাব লাগে। নিজ মোমায়েকক শিৰচ্ছেদ কৰি হ’লেও কি দৰে নৰিয়া গাৰে দেশ মাতৃক উদ্ধাৰ কৰিছিল,তেজত-দেহত কিমান দেশপ্ৰেম আছিল আজিৰ সন্তানক আমি শিকাব লাগিব। দেশ মাতৃৰ সেৱাত উদ্ধুদ হ’বৰ বাবে লাচিত এক প্ৰেৰণা হওঁক আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে। শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল।অসম মাতৃক ভূ লুণ্ঠিত হ’বলৈ নিদি অসমক সুৰক্ষা দিয়া উক্ত বীৰজনক আমি পূজন কৰিব লাগে।