২৭ জুন, ২০২৫ঃ আৰম্ভ হ’ল পুৰী জগন্নাথ ৰথ যাত্ৰা। উৰিষ্যাৰ পুৰীৰ ৰথ যাত্ৰা ভাৰতৰ অন্যতম প্ৰাচীন আৰু পৱিত্ৰ ধৰ্মীয় তীৰ্থযাত্ৰা। প্ৰতি বছৰে আহাৰ মাহৰ শুক্ল পক্ষৰ দ্বিতীয়া তিথিত পালন কৰা হয় ৰথ যাত্ৰা।
২৭জুনৰ পৰা ৮ জুলাইলৈকে চলিব লগা এই যাত্ৰাত সমাগম ঘটিব লক্ষাধিক ভক্তৰ । প্ৰতিবছৰৰ দৰে জগন্নাথ মন্দিৰ প্ৰাংগণত ভিৰ কৰিছে লাখ লাখ ভক্তই। এই ৰথ যাত্ৰাই আকৰ্ষিত কৰে দেশ–বিদেশৰ বিভিন্ন তীৰ্থ যাত্ৰীক ।
ভগৱান জগন্নাথ, ভাতৃ বলোভদ্ৰ আৰু দেৱী সুভদ্ৰাই বিৰাজমান কৰা ৰথ ভক্তসকলে কঢ়িয়াই নিয়ে । তিনিওগৰাকী দেৱতাই গণ্ডীচা মন্দিৰত এসপ্তাহ কটাই তেওঁলোকে জগন্নাথ মন্দিৰলৈ উভতি যোৱাৰ এক লোক বিশ্বাস আছে । ৰথ যাত্ৰাৰ বাবে বছৰি ৩খন ৰথ তৈয়াৰ কৰা হয়।
৫ প্ৰকাৰৰ কাঠেৰে সজোৱা এই ৰথৰ উচ্চতা ৪৫ ফুট। এই যাত্ৰাত হোৱা বিশাল জনসমাগমে প্ৰতি বছৰে আকৰ্ষিত কৰি আহিছে সকলোকে। এই ত্ৰিমূৰ্তি দৰ্শনৰ উদ্দেশ্যে লাখ লাখ ভক্তই ধাবমান হয় তীৰ্থ নগৰী পুৰীলৈ ।
৮ জুলাইত তিনিওগৰাকী দেৱতা মূল মন্দিৰলৈ উভতি অহাৰ লগে লগে এই যাত্ৰা সমাপ্ত হয়। এই ৰথ যাত্ৰাত সমাৰসৰ বাবে ১০ হাজাৰ সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে ।
অন্যহাতে আৰক্ষীয়ে চোকা নজৰ ৰাখিবলৈ ২৭৫টা AI কেমেৰা সংস্থাপন কৰিছে। উল্লেখ্য, পেহেলগাম ঘটনাৰ পাছত প্ৰথমবাৰৰ বাবে এই ৰথ যাত্ৰা আয়োজন কৰা বাবে সন্ত্ৰাসবাদীয়ে কুটাঘাটমূলক কাৰ্যকলাপ যাতে নিৰ্মূল কৰিব পাৰে তাৰ প্ৰতিও চোকা দৃষ্টি ৰখা হৈছে ।