Wednesday, October 15, 2025
Eng
Home » ১৫ বছৰ বয়সতে জটিল ৰোগত আক্ৰান্ত হৈছিল শেফালি! ৪২ বছৰ বয়সতে সকলো শেষ!

১৫ বছৰ বয়সতে জটিল ৰোগত আক্ৰান্ত হৈছিল শেফালি! ৪২ বছৰ বয়সতে সকলো শেষ!

by Abhilasha das kalita
0 comments

কঁটালাগা গাৰ্ল’ নামেৰে পৰিচিত শ্বেফালী জাৰিৱালা আৰু নাই ।কাঁটা লগা’ গীতত নিজৰ আকৰ্ষণীয় অভিনয়ৰ বাবে সুপৰিচিত হৈ পৰিছিল অভিনেত্ৰী তথা মডেল শ্বেফালী জাৰিৱালা।
তেওঁ ছলমান খান আৰু অক্ষয় কুমাৰৰ ছবি ‘মুঝছে ছাদি কৰোগী’ৰ এটা গানতো অভিনয় কৰিছিল।অতি কম সংখ্যকেহে জানে যে শেফালী কেৱল গ্লেমাৰাছ মুখেই নাছিল, শিক্ষাৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট সফলতা লাভ কৰিছিল। মুম্বাইৰ চৰ্দাৰ পেটেল কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা ইনফৰ্মেচন টেকন’লজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কালিম্পঙৰ ছেইণ্ট জোচেফ কনভেণ্ট স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল।
জীৱনৰ আধা বাটতে জীৱন নাট সামৰিলে বলিউডৰ এগৰাকী অভিনেত্ৰীয়ে ।
শুকুৰবাৰে মুম্বাইত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ।হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ।
শুকুৰবাৰে শ্বেফালীক তেওঁৰ স্বামী অভিনেতা পৰাগ ত্যাগী আৰু আন ৩ জন লোকে মুম্বাই আন্ধেৰীৰ বেলভিউ মাল্টিস্পেচিয়েলিটি হাস্পতাললৈ লৈ যোৱা হয় ৷ অৱশ্যে চিকিৎসালয়ৰ কৰ্মচাৰীয়ে তালৈ নিয়াৰ পূৰ্বেই আধা বাটতে তেওঁৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে।অভিনেত্ৰীগৰাকীৰ অকাল মৃত্যুৱে মনোৰঞ্জন জগতখনত শোকৰ ছাঁ পেলাইছে।

You may also like