হেলেন কেলাৰ এগৰাকী আমেৰিকান লিখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী আছিল ।
১৮৮০ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালত জন্মগ্রহণ কৰে। হেলেন কেলাৰ তেওঁ জন্মতে সুস্থ, সবল স্বাভাবিক শিশুৰ দৰেই আছিল । হেলেন কেলাৰ দেউতাক এজন সামৰিক বিষয়া আছিল ।জন্মৰ ডেৰ বছৰ পিছত হোৱা মেনিনজাইটিছ ৰোগত ভুগি হেলেন কেলাৰে কথা কোৱা শক্তি, দৃষ্টি আৰু শ্ৰৱন শক্তি হেৰুৱাই পেলাইছিল । বাধাগ্ৰস্ততাই মানুহক অক্ষম কৰিব নোৱাৰে বুলি হেলেনৰ দেউতাকে বুজিছিল । হেলেন কেলাৰৰ আনুষ্ঠানিক শিক্ষা ৮ বছৰ বয়সত আৰম্ভ কৰিছিল ।১৯০৪ চনত তেওঁ ৰেডক্লিফ কলেজৰ পৰা সন্মান সহকাৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ।হেলেন কেলাৰই একমাত্ৰ বাক অৰু শ্ৰৱণ শক্তিবিহীন ব্যক্তি আছিল ।তেওঁৰ প্ৰথম কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ।
১৮৭৬ চনত টেলিফ ন যন্ত্ৰ আৱিষ্কাৰ কৰিছিল ।তেওঁ ওঁঠ স্পৰ্শ কৰি মানুহৰ মনত ভাব বুজা কৌশল আয়ত্ত কৰিছিল আৰু মূক, বধিৰসকলক এই কৌশল শিকোৱাত সহায় কৰিছিল । হেলেন কেলাৰে অৱহেলিত আৰু বাধাগ্ৰস্ততাসকলৰ উন্নতিৰ কাৰণে গোটেই জীৱন উচৰ্গা কৰিছিল ।তেওঁলোকৰ শিক্ষা, সংস্থাপন আৰু উন্নতি বাবে কাৰ্যপন্থা হাতত লৈ দেশ বিদেশ ভ্ৰমণ কৰি অনুষ্ঠান অনুষ্ঠান গঢ়াৰ বাহিৰেও মানৱ জাতিৰ কল্যাণৰ অৰ্থে কেইবাখনো মূল্যবান গ্ৰন্থ ৰচনা কৰিছিল। জীৱনৰ মাত্র ১২ বছৰ বসয়তে তেওঁ লিখি উলিয়াইছিল ‘দ্য ফ্ৰষ্ট কিং’ নামৰ গ্ৰন্থখন। ২২ বছৰ বয়সত তেওঁ প্ৰকাশ কৰিছিল তেওঁৰ আত্মজীৱনী ‘দ্য ষ্ট’ৰী অব মাই লাইফ (১৯০৩)। যিখন গ্রন্থ বর্তমান চি বি এছ ই ব’ৰ্ডৰ দশম শ্রেণীৰ পাঠ্যপুথিৰ অন্তৰ্গত। তেওঁ ১৯০৮ চনত লিখি উলিয়াইছিল ‘ৱ’ৰ্ল্ড আই লিভ ইন’। ১৯২৭ চনত আধ্যাত্মিক দৃষ্টিকোণেৰে লিখি উলিয়াইছিল তেওঁৰ দ্বিতীয়খন আত্মজীৱনী ‘মাই ৰিলিজন’। তেওঁ জীৱনকালত মুঠ ১২খন বহুমূলীয়া গ্রন্থ প্ৰকাশ কৰিছিল।১৯৬৮ চনত ৮৮ বছৰত বয়সত মহীয়সী হেলেন কেলাৰ শেষ নিশ্বাস ত্যাগ কৰে ।
নিজ প্ৰচেষ্টাৰ ফলত শাৰীৰিক বাধাগ্ৰস্ত লোকে বিশ্ববৰেণ্য হ’ব পৰাৰ উদাহৰণ হেলেন কেলাৰ।