Thursday, October 16, 2025
Eng
Home » শিপাৰ সৈতে সংপৃক্ত হৈ থাকিব বিচৰা অংকুৰহঁতৰ পদক্ষেপ

শিপাৰ সৈতে সংপৃক্ত হৈ থাকিব বিচৰা অংকুৰহঁতৰ পদক্ষেপ

by Abinash Saikia
0 comments

২ জুলাই, ২০২৫ঃ টাই ভাষা সদৌ টাই আহোম ছাত্ৰ সন্থা যোৰহাট জিলাৰ চেনি আমগুৰি,চেনিজান আৰু মেলেং আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ২ নং ঘৰফলীয়া গাঁৱৰ মহিলা সকলৰ উদ্যোগত প্ৰাচীন টাই ভাষাৰ কৰ্মশালা আয়োজন কৰা হৈছে। যোৰহাট জিলাৰ আটাচু প্ৰচাৰ সম্পাদক অংকুৰ চেতিয়াই জানিবলৈ দিয়া মতে আগ্ৰহী নতুন প্ৰজন্মক এই টাই ভাষাৰ জ্ঞান দিয়াৰ প্ৰয়োজন আছে।

স্বৰ্গদেউ চাওলুং চুকাফা মাওলুঙৰ পৰা সৌমাৰপিঠত প্ৰৱেশ কৰোঁতে বিভিন্ন জাতি জনজাতিৰ সৈতে বিভিন্ন জাতি জনজাতিৰ লগত একত্ৰিত হৈ বৰ অসম গঢ়াৰ ক্ষেত্ৰত তেওঁলোকে টাই ভাষাটোক এৰা ধৰাৰ মাজেৰে চলাই নিলে। কালক্ৰমত ভাষাটো অলপ বাদ পৰি ৰৈছিল যদিও হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈ থকাৰ কালছোৱাত প্ৰায় দুশ টাই শিক্ষক ৰাজ্য খনত নিযুক্তি দিছিল,যদিও ভাষাটো প্ৰচলিত হৈ নাথাকিল( বহুল ভাৱে)।

কিন্তু বৰ্তমান সময়ত আটাছুৰ উদ্যোগত মেলেং আঞ্চলিক সমিতিৰ সহযোগত আহোম জনগোষ্ঠীৰ উঠি অহা প্ৰজন্মৰ ইচ্ছাত উক্ত ভাষাৰ কৰ্মশালাৰ আয়োজন কৰা দেখা গৈছে। কৰ্মশালাৰ বিষয়ববীয়াই জানিবলৈ দিয়া মতে চেনি আমগুৰিৰ ২ নং ঘৰফলীয়া গাঁৱত উক্ত কৰ্মশালা অনুষ্ঠিত হ’ব।

প্ৰায় দুই শতাধিক শিক্ষাৰ্থীয়ে বৰ্তমানলৈকে পঞ্জীয়ন কৰিছে বুলি বৰ্তমানলৈকে গম পোৱা গৈছে। আটাইতকৈ উল্লেখনীয় কথাটো হ’ল ঐক্য সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাই উক্ত কৰ্মশালাত এগৰাকী অনা অসমীয়া ছাত্ৰীয়েও প্ৰাচীন টাই ভাষা শিকিবলৈ মন কৰিছে বুলি আয়োজক সকলে জানিবলৈ দিছে। অতীতক নাযাবা পাহৰি বাক্য শাৰী সত্য প্ৰমাণিত কৰিয়েই যেন নতুন যুৱ চামে পুৰণি,পাহৰণিৰ গৰ্ভত হেৰাই যাব খোজা ভাষা,সংস্কৃতি সভ্যতা আকৌ পুনঃৰুদ্ধাৰ কৰিব বিচাৰিছে।

You may also like