Thursday, October 16, 2025
Eng
Home » সমষ্টি এক,নতুন মুখ অনেক

সমষ্টি এক,নতুন মুখ অনেক

by Abinash Saikia
0 comments

৩ জুলাই, ২০২৫ঃ ১০২ নং টিয়ক বিধানসভা সমষ্টি মিত্ৰজোঁট ও ডবল ইঞ্জিন চৰকাৰৰ এক ফচল বুলি ধৰিব পাৰি। মেম্বৰ গগৈৰ মৃত্যুৰ পিছতেই ললিত ৰাজখোৱাৰ পত্নী ৰেনুপমা ৰাজখোৱাই উক্ত সমষ্টিত বিধায়ক হিচাপে নিৰ্বাচিত হৈ আছে।

মেম্বৰ গগৈৰ বোৱাৰীয়েক যোৱাবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও যথেষ্ট কম সংখ্যক ভোটত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। তিতাবৰৰ পিছতেই টিয়কক কংগ্ৰেছৰ দুৰ্গ হিচাপে ধৰিব পৰা গৈছিল যদিও কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক টিকট দিয়াৰ ব্যৱস্থা বুলি ভাবিয়েই হওঁক কংগ্ৰেছৰ পল্লবী গগৈয়ে মাত্ৰ ১২০০ মান ভোটত পৰাস্ত হৈছিল।

বৰ্তমান অগপৰ দখলত আছে সমষ্টিটো। ইফালে বৰ্তমানৰ বিধায়ক ৰেনুপমা ৰাজখোৱাৰ বয়স প্ৰায় ৭০ হ’ল বাবে ও শাৰীৰিক অসুস্থতাৰ বাবে এইবাৰ যদি উক্ত সমষ্টিৰ পৰা বৰ্তমানৰ বিধায়ক গৰাকীয়ে খেলিব নোৱাৰিলে বহু কেইখন নতুন মুখ বিজেপিৰ পৰা ও অগপৰ পৰা উক্ত সমষ্টিটোৰ বাবে কুছ কাৱাজ কৰিছে।

টিয়কত এইবাৰ বিজেপি দলৰ ঈশ্বৰ প্ৰসন্ন বৰদলৈ,অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিকাশ শইকীয়া, সদ্য নতুন গেৰুৱা পোছাক পিন্ধা ৰানা গোস্বামী,শান্তনু পূজাৰী আৰু অগপৰ যোৰহাট জিলা সভাপতি সৌৰভ প্ৰাণ বৰাৰ লগতে টীয়কৰ ৱাৰ্ড কমিছনাৰ দিগন্ত বৰায়ো মনে মনে ২০২৬ লৈ প্ৰস্তুত হোৱা দেখা গৈছে।

ইফালে উক্ত পাঁচ জনকৈ লোকে অগপ-বিজেপিৰ মিত্ৰজোঁট চৰকাৰ খনৰ টিয়ক সমষ্টিৰ পৰা টিকট বিচৰাৰ ভিতৰি কুছ কাৱাজ্ত নামি পৰাৰ লগে লগেই যে ভিতৰি কিঞ্চিৎ হ’লেও বিবাদ হ’ব সেইটো নিশ্চিত।

ইফালে যদি মহিলাৰ বাবে উক্ত পদটো সংৰক্ষণ হয় তেন্তে নিশ্চিত ভাবে মেলেংৰ ৰুমি চেতিয়া দাবীদাৰ হ’ব।।।প্ৰায় কিছু বছৰ ধৰি ৰূমি চেতিয়া সমাজৰ সকলো স্তৰৰ লোকৰ লগত ও লোকৰ হৈ থিয় হোৱা ৰূমি চেতিয়াৰো সম্ভাৱনা প্ৰবল। এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত শান্তনু পূজাৰীয়ে জানিবলৈ দিয়া মতে যিহেতু দল ও পাৰ্টি কৰা হৈছে তেন্তে নিশ্চিত ভাৱে দলৰ পৰা টিকট দাবী কৰিব।

You may also like