Thursday, October 15, 2026
Eng
Home » প্ৰশাসন বনাম গুণ গুণৰ সপোন

প্ৰশাসন বনাম গুণ গুণৰ সপোন

by Abinash Saikia
0 comments

৭ জুলাই,২০২৫ঃ অমানুহবোৰ দেখিবলৈ অবিকল মানুহৰ দৰে একেই। সামাজিক মাধ্যমত এটা ভিদিঅ’ বহুলভাৱে প্ৰচাৰ হৈছে। লক্ষীমপুৰৰ উচ্ছেদস্থলীত এখন জে চি বি গাড়ীৰে এডৰা কঠিয়া শেষ কৰি পেলাইছে। নিশ্চিতভাৱে বেদখল আইন বৰ্হিভুত কাৰ্য্য।

কিন্তু এটা দিন দিবলৈ কাবৌ কাকুতি কৰা উক্ত পৰিয়াল কেইটাক কঠিয়া ডৰা পাৰি ল’বলৈ কিয় সময় দিব নোৱাৰিলে? কিয় লক্ষীমপুৰ প্ৰশাসনে দয়া মমতাহীন তালিবানি শাসনৰ দৰে ৰূপ এটা দেখুৱালে?

এই কঠিয়া সমূহেই এদিন সময়ৰ লগত সোণগুটি হৈ পয্যায়ক্ৰমে আমাৰ পেট ভৰিবহি। প্ৰশাসনৰ নিৰ্দেশ উক্ত বে দখল কৰা লোকসকলে মানি লৈছিল,মাত্ৰ এটা দিনৰ সময় ভিক্ষা বিচাৰিছিল।

তিনি মাহৰ খেতিৰ পিছতেই কৃষিজীৱী পৰিয়ালে বছৰটো ভাত মুঠি নিশ্চিত ভাৱে খাব পাৰে। কিন্তু এই কৃষিজীবি পৰিয়াল কেইটাক দিব পাৰিব জানো চৰকাৰে বিকল্প ব্যৱস্থা কৰি কঠিয়া? গুণ গুণৰ মুখ খন আৰু কথা কেইটাই,লহপহকৈ বাঢ়ি অহা সপোনৰ ৰূপৰ কঠিয়া ডৰাই বৰকৈ অন্তৰত কষ্ট দিছে।

You may also like