Home » শাওনৰ সোমবাৰে কেতিয়া আৰু কেনেকৈ মহাদেৱৰ পূজা কৰিলে লাভ কৰিব শুভফল ?

শাওনৰ সোমবাৰে কেতিয়া আৰু কেনেকৈ মহাদেৱৰ পূজা কৰিলে লাভ কৰিব শুভফল ?

by Abhilasha das kalita
0 comments

শাওনৰ সোমবাৰে কেতিয়া আৰু কেনেকৈ মহাদেৱৰ পূজা কৰিলে লাভ কৰিব শুভফল ?

শাওনৰ মাহটো ভগৱান শিৱৰ পূজাৰ বাবে উচৰ্গা কৰা হয় ৷ এই মাহত শিৱ মন্দিৰত এক অতি বিশেষ সজীৱতা দেখা যায় ৷ লগতে মহাদেৱৰ আশীৰ্বাদ পাবলৈ ভক্তসকলে নিতৌ বিশেষ পূজা কৰে আৰু সোমবাৰতো উপবাস পালন কৰা দেখা যায় ৷

ধৰ্মীয় বিশ্বাস অনুসৰি এই সময়ত ব্ৰত পালন কৰিলে বিবাহৰ বাধাৰ পৰা পৰিত্ৰাণ পোৱা যায় ৷ লগতে অবিবাহিত মহিলাসকলে এগৰাকী ভাল জীৱনসংগী লাভ কৰিবলৈ এই সময়ত ব্ৰত ৰাখে ৷ সেয়ে আজি আমি আপোনালোকক শাওন সোমবাৰৰ শুভ সময় আৰু পূজা পদ্ধতিৰ বিষয়ে লগতে মহাদেৱক আগবঢ়াবৰ বাবে এটি বিশেষ ভোগৰ ৰেচিপিৰ বিষয়েও জানো আহক-

শাওন সোমবাৰ ২০২৫ শুভ মহুৰত:

বৈদিক পঞ্জিকা অনুসৰি শাওনৰ প্ৰথম সোমবাৰটো শাওন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তাৰিখত পৰে ৷ এই তাৰিখ ১৪ জুলাইৰ নিশা ০১:০২ বজাৰ পৰা আৰম্ভ হ’ব আৰু ১৪ জুলাইৰ নিশা ১১:৫৯ বজাত শেষ হ’ব ৷ এনে পৰিস্থিতিত ১৪ জুলাইত শাওন সোমবাৰৰ প্ৰথম ব্ৰত পালন কৰা হ’ব আৰু সেইদিনা গজানন সংকষ্টি চতুৰ্থী পালন কৰা হ’ব ৷

ব্ৰহ্ম মহুৰত- পুৱা ০৪:১১ বজাৰ পৰা পুৱা ০৪:৫২ বজালৈ
বিজয় মহুৰত- নিশা ০২:৪৫ বজাৰ পৰা নিশা ০৩:৪০ বজালৈ
সন্ধ্যা মহুৰত- সন্ধিয়া ০৭:২০ বজাৰ পৰা নিশা ০৭:৪০ বজালৈ
নিশিত মহুৰত- নিশা ১২:০৭ বজাৰ পৰা নিশা ১২:৪৮ বজালৈ
শাওন সোমোৱাৰ পূজা বিধি:

শাওন সোমবাৰে মহাদেৱৰ নামেৰে আৰম্ভ কৰক ৷ ইয়াৰ পিছত স্নান কৰি সূৰ্য্য ঈশ্বৰক অৰ্ঘ্য আগবঢ়াব ৷ মন্দিৰ পৰিষ্কাৰ কৰি গংগাজল ছটিয়াই শুদ্ধ কৰক ৷ ভগৱান শিৱৰ অভিষেক কৰি বিশুদ্ধ ঘিউৰ প্ৰদীপ জ্বলাই পূজা কৰক ৷ ভগৱান শিৱক সুগন্ধি, ফুল, ধূপ, বেল পাত, অক্ষত আদি অৰ্পণ কৰক ৷ ব্ৰত কথা পাঠ কৰক ৷ শিৱ মন্ত্ৰ আৰু শিৱ চলিছা আবৃত্তি কৰক ৷ ফল-মূল আৰু মিঠাই আগবঢ়াওক ৷

মনত ৰাখক এইসমূহ কথা:

শাওন মাহত কেতিয়াও তামসিক খাদ্য গ্ৰহণ নকৰিব ৷
ইয়াৰ বাহিৰেও ক’লা কাপোৰ পিন্ধিব নালাগে ৷
কাৰো লগত তৰ্ক নকৰিব ৷
কাৰো কথা ভুল নাভাবিব ৷
ঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিশেষ যত্ন লওক ৷
শাওন সোমবাৰে ব্ৰত ৰাখি ভগৱান শিৱক পূজা কৰা হয় ৷ আপোনালোকক জনাই দিও যে, এই দিনটোত ভক্তসকলে ভগৱান শিৱৰ ওচৰত বহু ধৰণৰ নৈবেদ্য আগবঢ়ায় ৷

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Recent Posts

Guide Map