পিতৃৰ নৃশংসতাৰ বলি কন্যা
প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকা যাদৱৰ হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ দেশ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ খেলুৱৈ ৰাধিকা যাদৱক বৃহস্পতিবাৰে তেওঁৰ নিজ পিতৃয়ে ৰিভলভাৰেৰে গুলীয়াই হত্যা কৰে। ৰাধিকালৈ লক্ষ্য কৰি মুঠ ৫ টাকৈ গুলী চলাইছিল দীপক যাদৱে। ৰাধিকাৰ দেহত আঘাত কৰিছিল ৩ টা গুলীয়ে। পিছত হাস্পতালত চিকিৎসকে মৃত ঘোষণা কৰিছিল ৰাধিকাক। গুৰগ্ৰামত সংঘটিত হোৱা হাৰিয়ানাৰ টেনিছ খেলুৱৈ ৰাধিকাৰ হত্যাৰ আঁৰৰ কাৰণ সন্দৰ্ভত হোৱা চৰ্চাৰ মাজতে আৰক্ষীয়ে এই কথা প্ৰকাশ কৰাত এতিয়া বিষয়টোৱে পুনৰ নতুন বিতৰ্কৰ সূচনা কৰিছে। তদন্তকাৰী আৰক্ষী বিষয়াৰ তথ্যক অনুসৰি, বৃহস্পতিবাৰে বিয়লি ৰাধিকাই পাকঘৰত কাম কৰি আছিল। সেই সময়ত তেওঁক লক্ষ্য কৰি পিতৃ দীপকে পাছফালৰ পৰা পাঁচটা গুলী চলাইছিল।
২০০০ চনৰ ২৩ মাৰ্চত জন্মগ্ৰহণ কৰা ৰাধিকা যাদৱ এগৰাকী প্ৰতিভাসম্পন্ন টেনিছ খেলুৱৈ আছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভাৰতক প্ৰতিনিধিত্ব কৰিছে ৰাধিকাই। tenniskhelo.com ৰ তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনত ডাবলছ টেনিছ খেলুৱৈৰ ক্ষেত্ৰত ৰাধিকাৰ ৰেংকিং আছিল ১১৩। আই টি এফ ডাবলছৰ শীৰ্ষ ২০০ ৰ ভিতৰত এইটোৱেই আছিল ৰাধিকাৰ শ্ৰেষ্ঠ ৰেংকিং। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাধিকাৰ পিতৃক। ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়ে ৰাধিকাৰ পিতৃয়ে যি ৰিভলভাৰেৰে হত্যা কৰিছিল সেই ৰিভলভাৰটোও জব্দ কৰিছে।