Home » মাটিকাদুৰিৰ চমৎকাৰী গুণ সমূহৰ বিষয়ে জানেনে?

মাটিকাদুৰিৰ চমৎকাৰী গুণ সমূহৰ বিষয়ে জানেনে?

by Abhilasha das kalita
0 comments

মাটিকাদুৰিৰ চমৎকাৰী গুণ সমূহৰ বিষয়ে জানেনে?

মাটিকাদুৰি হ’ল এবিধ ঔষধি গুণেৰে পৰিপুষ্ট শাক। মাটিকাদুৰি উদ্ভিদ বিধ চোতালত, খেতিপথাৰ, পুখুৰী পাৰত, ঘৰৰ পিৰালি, ৰাস্তাৰ কাষত, বাগিচা, নদী কাষৰীয়া অঞ্চল আৰু চেচুঁক ঠাইবোৰত গজে।মাটিকাদুৰিৰ অনেক উপকাৰী গুণ আছে। মাটিকাদুৰিত প্ৰটিন , কেলছিয়াম , আইৰণ , ফচফৰাছ , এণ্টিঅক্সিডেণ্ট , আঁহ আদি ভৰপূৰ মাত্ৰাত পোৱা যায়।

মাটিকাদুৰিৰ গুণাগুণসমূহ

১) মাটিকাদুৰিয়ে প্ৰস্বাৱৰ সময়ত হোৱা জ্বলা-পোৰা নিৰাময় কৰে।

২) জণ্ডিছ ৰোগত মাটিকাদুৰি উপকাৰী।

৩) ছাল , চুলিৰ সৌন্দৰ্য বৰ্ধনৰ কাৰনে মাটিকাদুৰী উপকাৰী । ইয়াত প্ৰচুৰ পৰিমানে এণ্টিঅক্সিডেণ্ট থাকে।

৪) চকুৰ দৃষ্টি শক্তি কমি যোৱা সমস্যাত মাটি কাদুৰী শাক খালে সুফল পোৱা যায়।

৫) নিদ্ৰাহীনতাত ভোগা লোকেও নিয়মিত মাটি কাদুৰী আৰু মানিমুনি মিহলি আঞ্জা খালে উপকৃত হয়।

৬) এচি়ডিটি নিষ্ক্ৰিয় কৰিব পৰা ক্ষমতা আছে মাটি কাদুৰীৰ।

৭) আভোক হ’লে মাটি কাদুৰী , নহৰু দি আঞ্জা কৰি খালে ভোক লাগে , লিভাৰ সবল হয় ।

৮) কোষ্ঠকাঠিন্য আৰু অৰ্শ ৰোগত মাটি কাদুৰী উপকাৰী ।

৯) পেটৰ বিষ , ডায়েৰিয়া , গ্ৰহণী আদি ৰোগত মাটিকাদুৰী অতি উপকাৰী ।

১০) ডায়েবেটিছ ৰোগীয়ে মাজে-সময়ে মাটি কাদুৰী খালে ব্লাড চুগাৰ নিয়ন্ত্ৰণত থাকে ।

১১) মাটি কাদুৰীয়ে স্নায়ুতন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে , স্মৰণ শক্তি বৃদ্ধি কৰে আৰু স্নায়ুতন্ত্ৰৰ বিভিন্ন ৰোগ উপশম কৰে ।
১২) গাত দুৰ্বল ভাৱ আহিলে মাটিকাদুৰীৰ আঞ্জা প্ৰায় এসপ্তাহ মান ভাতৰ লগত খালে তেনে ভাৱ নাইকীয়া হয় ।

১৩) ইয়াত থকা আঁহে পেট খোলোচা কৰে।

You may also like