Saturday, October 11, 2025
Eng
Home » কন্যাৰ পুষ্পিতাৰ অভ্যৰ্থনাৰ দিনাই বিদ্যুত্স্পৃেষ্ট হৈ পিতৃৰ মৃত্যু

কন্যাৰ পুষ্পিতাৰ অভ্যৰ্থনাৰ দিনাই বিদ্যুত্স্পৃেষ্ট হৈ পিতৃৰ মৃত্যু

by Abhilasha das kalita
0 comments

কন্যাৰ পুষ্পিতাৰ অভ্যৰ্থনাৰ দিনাই বিদ্যুত্স্পৃেষ্ট হৈ পিতৃৰ মৃত্যু

কন্যাৰ বিয়াৰ অভ্যৰ্থনাৰ দিনাই পিতৃয়ে সাৱটিলে মৃত্যুক।এক মৰ্মান্তিক ঘটনাই শোকৰ বন্যা বোৱাইছে বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলত। কন্যাৰ পুস্পিতা কালৰ অভ্যৰ্থনাৰ বাবে দিন ৰাতি একাকাৰ কৰি আয়োজন কৰা এক মাংগলিক অনুষ্ঠানৰ দিনাই মৰ্মান্তিক মৃত্যুক আঁকোৱালি ললে দুৰ্ভগীয়া পিতৃয়ে।

ঘটনাটো সংঘটিত হ’ল ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত ৩নং শিমলুদুঙা গাঁৱত। গাঁওখনৰ বিনয়ী ব্যক্তি ৰাজু (বুবুল) গগৈয়ে জ্যেষ্ঠ কন্যাৰ পুস্পিতাৰ উপলক্ষত শনিবাৰে আয়োজন কৰিছিল ৰাজহুৱা অভ্যৰ্থনা অনুষ্ঠানৰ । দিন ৰাতি একাকাৰ কৰি অশেষ হেঁপাহ আৰু শ্ৰমেৰে অভ্যাগতক সেৱাৰ নিৰন্তৰ প্ৰয়াস চলাই শনিবাৰে পুৱাই ব্ৰতী হৈছিল উৎকট গৰমৰ পৰা ৰাইজক পৰিত্ৰাণ দিবলৈ এখন বৈদ্যুতিক পাংখা লগোৱাত।

ঘৰত এক উৎসৱমুখৰ পৰিবেশৰ মাজতে ৰাজু গগৈয়ে এই কামত ব্যস্ত থকাৰ সময়তে সংঘটিত হ’ল অকল্পনীয় দুর্ঘটনা। অকস্মাত বিদ্যুৎ প্ৰবাহিত হৈ কৰ্মৰত অৱস্থাত মজিয়াত ঢলি পৰিল দুৰ্ভগীয়া ৰাজু গগৈ। উপস্থিত আত্মীয়ই ক্ষীপ্ৰতাৰে প্ৰথমে মাছখোৱা ৰাজ্যিক চিকিৎসালয়লৈ নি প্ৰাথমিক চিকিৎসা প্ৰদানৰ পাছত ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিয়াৰ সময়তে প্ৰায় ১০-৩০ বজাত কৰুণ ভাবে অকাল মৃত্যুক সাৱটি লয় ।

এহাতে ঘৰত কন্যাৰ বিবাহ অভ্যৰ্থনাৰ আয়োজন আনফালে পিতৃৰ মৰ্মান্তিক বিয়োগৰ বাতৰিয়ে এক মৰ্মান্তিক পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰয়াত গগৈৰ বাসগৃহত। নিয়তিৰ কৰুণ পৰিহাসে শোকাহত কৰি তোলা উৎসৱমুখৰ পৰিবেশ স্তিমিত কৰাৰ পৰৱৰ্তী সময়ত পিতৃৰ নিথৰ দেহ ধেমাজি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হয়।

কন্যাৰ বিবাহ অভ্যৰ্থনাৰ বাবে নিৰ্মাণ কৰা সুদৃশ্যমান ৰভাঘৰলৈ অহা প্ৰতিগৰাকী নিমন্ত্রিতই এই হৃদয়বিদাৰক খবৰ পাই অশ্ৰুসিক্ত নয়নেৰে দুৰ্ভগীয়া পিতৃৰ বিদেহ আত্মাৰ সদগতিৰ কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়। অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক শুভাকাংক্ষী, আত্মীয়ই ধেমাজি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ এক শোকাচন্ন পৰিৱেশৰ সৃষ্টি কৰিছে ।বিনয়ী নম্ৰ ব্যক্তি গগৈৰ অকাল বিয়োগত চৌদিশে এক শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে ।

You may also like