মেঘালয় যোৱাৰ পৰিকল্পনা কৰিছে নেকি?
তাৰ আগত জানি লওঁক এই কথাকেইটা
সৌন্দৰ্যতাৰে ভৰপূৰ এখন ঠাই হৈছে মেঘালয় ।চুবুৰীয়া ৰাজ্য মেঘালয় পৰ্যটনৰ ক্ষেত্ৰৰ বাবে বিখ্যাত। ৰাজ্যখনত বহু ধুনীয়া পৰ্যটনস্থলী আছে। প্ৰতিদিনে এই স্থানত পৰ্যটকৰ ভিৰ দেখিবলৈ পোৱা যায় ৷
জানক বিশেষ এই ৪ খন ঠাইৰ বিষয়ে…
Markham valley: চাৰিওফালে পাহাৰেৰে আবৃত্তি মেঘালয়ৰ অন্যতম এক পৰ্যটনস্থলী মাৰ্খাম ভেলী। গুৱাহাটীৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত অৱস্থিত এই ঠাইখন।এই স্থান গৈ পাবলৈ প্ৰয়োজন হ’ব প্ৰায় ৪ ঘন্টা। যদি আপুনি এই ঠাই ডোখৰলৈ যাব বিচাৰিছে তেন্তে বাইক বা অন্য বাহন লৈ সহজে যাব পাৰিব।
Lyngksiar Falls: লিংক্সিয়াৰ জলপ্ৰপাত চেৰাপুঞ্জীত অৱস্থিত। গুৱাহাটীৰ পৰা ১৩৮ কিলোমিটাৰ দূৰত থকা এই ঠাইলৈ যাবৰ বাবে আপোনক প্ৰায় ৪ ঘন্টা সময়ৰ প্ৰয়োজন হ’ব। ইয়াৰ ওচৰে পাজৰেও আৰু কেইবাটাও জলপ্ৰপাত আৰু গুহা আছে।
Wei sawdong Falls: ৱে চাওদং জলপ্ৰপাত গুৱাহাটীৰ পৰা প্ৰায় ১৪৮ কিলোমিটাৰ দূৰত অৱস্থিত। এই ঠাইত উপস্থিত হ’বলৈ প্ৰায় ৪-৫ ঘন্টা সময় লাগিব। ইয়াৰোপৰি ৪০-৪৫ মিনিটৰ ট্ৰেকিঙৰ পাছতহে আপুনি এই ধুনীয়া জলপ্ৰপাতটোৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব।
living root bridge: লিভিং ৰুট ব্ৰীজ এক ট্ৰেকিং পইন্ট। গুৱাহাটীৰ পৰা প্ৰায় ১৫৫ কিলোমিটাৰ দূৰত অৱস্থিত এই পৰ্যটনস্থলী। ইয়াত উপস্থিত হ’বৰ বাবে আপোনাক প্ৰায় ৫ ঘন্টা সময়ৰ প্ৰয়োজন হ’ব। এই ব্ৰীজখন প্ৰাকৃতিকভাৱে নিৰ্মাণ হৈছে। এই ব্ৰীজখনত উপস্থিত হ’বলৈ আপুনি ২০০০ তকৈ অধিক চিৰি খোজ কাঢ়িব লাগিব ।