পুনৰ বিমান দূৰ্ঘটনা
উৰণৰ কিছু মুহূৰ্তৰ পিছতেই ভূপতিত যাত্ৰীবাহী বিমান
লণ্ডনৰ চাউথেণ্ড বিমানবন্দৰত ভয়ংকৰ বিমান দুর্ঘটনা। চাউথেণ্ড বিমানবন্দৰৰ পৰা নেডাৰলেণ্ডছলৈ উৰা মৰাৰ মুহূৰ্ততে সংঘটিত এই অঘটন। এই দুর্ঘটনা কথা সদৰী কৰে বিমানবন্দৰ কৰ্তৃপক্ষৰ লগতে প্ৰত্যক্ষদর্শীয়ে। দুর্ঘটনাৰ পিছতে
পৰৱৰ্তী জাননী নিদিয়া পর্যন্ত বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰটো। অৱশ্যে এই দুর্ঘটনাত কোনো লোকৰ হতাহতৰ খবৰ পোৱা নাই। নেদাৰলেণ্ডৰ জিউচ এভিয়েশ্যনৰ দ্বাৰা পৰিচালিত এই বিমানখনে চাউথএণ্ডলৈ উৰা মাৰিছিল। ৰাজধানীৰ পৰা প্ৰায় ৪৫ মাইল পূবে অৱস্থিত তুলনামূলকভাৱে সৰু বিমানবন্দৰটোৱে হৈছে লণ্ডন চাউথেণ্ড।
বিমান দুর্ঘটনাৰ পিছতে জুইৰ শিখা আৰু ক’লা ধোঁৱাই আবৰি ধৰে সমগ্ৰ বিমানবন্দৰ প্ৰত্যক্ষদর্শীৰ মন্তব্য অনুসৰি “বিমানখনে প্রথমে মাটিত আগভাগটোৰে খুন্দা মাৰিছিল। তাৰ পিছত ই উৰা মাৰে আৰু উৰণৰ প্ৰায় তিনি-চাৰি ছেকেণ্ডৰ পিছত ই বাওঁফালে তীব্রভাৱে হেলনীয়া হ’বলৈ ধৰিলে আৰু কেইছেকেণ্ডমানৰ ভিতৰতে ই প্ৰায় উলটি যায় আৰু সন্মুখৰ অংশটো প্রথমে মাটিত পৰে।”