Home » আপুনি জানেনে অমৰ লতা কি ?

আপুনি জানেনে অমৰ লতা কি ?

by Priyanka Das
0 comments

২২ জুলাই, ২০২৫ঃ আপুনি জনেনে কি এই অমৰ লতা? দেখাত অমৰলতা অথবা গিলয় এবিধ লতাজাতীয় এবিধ উদ্ভিদ। কিন্তু ভিন্ন ৰোগৰ প্ৰতিকাৰ এইবিধ অমৰ লতা । ইয়াৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি। কেইবাটাও ৰোগ প্ৰতিৰোধৰ ক্ষমতা আছে এইবিধ গিলয়ৰ। হজম শক্তি উন্নত কৰি পেটৰ সমস্যা,গেছ এচিডিটি কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে এইবিধ অমৰ লতাই।

অমৰ লতাৰ কেইটামান গুণৰ বিষয়ে জানো আহক

– শৰীৰৰ বিষ কম কৰা,

– গাঁঠিৰ বিষ, পেশীৰ বিষ, অথবা এনেকুৱা অন্যান্য প্ৰকাৰৰ বিষৰ পৰা সকাহ দিয়ে

– শ্বেত ৰক্ত কণিকাৰ উৎপাদন বৃদ্ধি কৰে যাৰ ফলত বিভিন্ন সংক্ৰমণৰ পৰা ৰক্ষা কৰে

– এক শক্তিশালী এন্টিঅক্সিডেন্ট এইবিধ অমৰ লতা

– শৰীৰত মুক্ত ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতিৰ পৰাও ৰক্ষা কৰে অমৰ লতাই

– মধুমেহ অৰ্থাৎ ডায়েবেটিচ আদিৰ দৰে ৰোগ নিয়ন্ত্ৰণত ঔষধৰ কাম কৰে এইবিধ লতাই

– সমানে ছাল আৰু চুলিৰ বাবেও উপকাৰী অমৰ লতা

– ছালৰ বিভিন্ন সমস্যা যেনে ব্রণ, গালত হোৱা শালমইনা, এলাৰ্জি আদিৰ দৰে অন্যান্য সংক্ৰমণৰ পৰাও সকাহ দিয়ে

– ইয়াৰ উপৰিও বৰ্তমান সময়ত আমি প্ৰায়ে মানসিক চাপত থাকো তেনে ক্ষেত্ৰটো মানসিক চাপ কম কৰাত যথেষ্ট সহায় কৰে এইবিধ অমৰ লতাই

– অৱশ্যে কোনো ঔষধ ব্যৱহাৰ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰায়োজন

You may also like

Leave a Comment