Home » মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ভৰি ধোৱা মুঢ়াভাগ ক’ত আছে জানেনে?

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ভৰি ধোৱা মুঢ়াভাগ ক’ত আছে জানেনে?

by admin
0 comments

২২ জুলাই, ২০২৫ঃ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ভৰি ধোৱা মুঢ়াভাগৰ বিষয়ে জানো আহক। কিছু বছৰ পূৰ্বে ঢেকীয়াখোৱা বৰনামঘৰৰ কাষত এভাগ মুঢ়া উদ্ধাৰ কৰা হয় । এই মুঢ়াভাগতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ভৰি ধুইছিল বুলি লোকবিশ্ৱাস আছে। মহাপুৰুষগৰাকীয়ে ভৰি ধোৱা মুঢ়াভাগ উদ্ধাৰ কৰি ভক্তসকলে সেৱা জনাব পৰাকৈ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। লগতে ভক্তসকলে চাব পৰাকৈ সংৰক্ষণ কৰি ৰখা হৈছে।

মহাপুৰুষ মাধৱদেৱে স্থাপিত কৰা ঢেকীয়াখোৱা নামঘৰ ভাগত এপাহ ঢেঁকীয়া ফুল বৰ্তমানেও সংৰক্ষণ কৰি ৰখা হৈছে । ঢেকীয়াখোৱা বৰ নামঘৰ প্ৰতিষ্ঠা কৰাৰ সময়ত মহাপুৰুষ মাধৱদেৱে বন্তি গছি জ্বলাইছিল। এই বন্তিগছি সুদীৰ্ঘ চাৰে চাৰিশ বছৰ ধৰি বৰ্তমানেও জ্বলি আছে।

এই বন্তি গছ এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ-এ “দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি” বুলি স্বীকৃতি প্ৰদান কৰিছে। উল্লেখযোগ্য কথাটো হ’ল মাধৱদেৱক উক্ত দিহা নৈৰ সমীপত বৰ্তমান অৱস্থিত এহাল বৃদ্ধ দম্পতিয়ে ঢেঁকীয়া শাকেৰে আঞ্জা বনাই খুৱাইছিল বাবে উক্ত নামঘৰৰ নাম ঢেকীয়াখোৱা বৰনামঘৰ হ’ল।

ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে। ভক্তসকলে নিজৰ মতে নামঘৰলৈ দান বৰঙণি আগবঢ়ায় আৰু পৰিচালনা সমিটিয়ে ইয়াক সামাজিক আৰু সাংস্কৃতিক উন্নতিৰ বাবে ব্যৱহাৰ কৰে।

You may also like

Leave a Comment