Home » বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে চৰাইদেউ মৈদাম স্বীকৃত হোৱা উপলক্ষত বর্ষপূর্তি অনুষ্ঠান

বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে চৰাইদেউ মৈদাম স্বীকৃত হোৱা উপলক্ষত বর্ষপূর্তি অনুষ্ঠান

by Abhilasha das kalita
0 comments

বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে চৰাইদেউ মৈদাম স্বীকৃত হোৱা উপলক্ষত বর্ষপূর্তি অনুষ্ঠান

অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অধীনস্থ অসম প্রত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত আৰু ভাৰতীয় পুৰাতাত্ত্বিক সৰ্ব্বেক্ষণ তথা স্বৰ্গদেউ সকলৰ স্মৃতি তৰ্পণ সমিতি, চৰাইদেউৰ ।অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অধীনস্থ অসম প্রত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত আৰু ভাৰতীয় পুৰাতাত্ত্বিক সৰ্ব্বেক্ষণ তথা স্বৰ্গদেউ সকলৰ স্মৃতি তৰ্পণ সমিতি, চৰাইদেউৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰ ইউনেস্কৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত দিন হোৱা উপলক্ষত প্ৰথম বাৰ্ষিক বর্ষপূর্তি অনুষ্ঠান উদযাপন কৰা হব ৷

এই উপলক্ষে আজি পুৱা চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হবলগা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিভাগীয় মন্ত্রী যোগেন মহন আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব অসমৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বৰা , বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া ৷ ইয়াত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ,সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, তাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ
অধ্যক্ষ ঋতুপর্ণ বৰুৱা।

উক্ত অনুষ্ঠানত নিমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব ভাৰতীয় পুৰাতত্ত্ব সৰ্ব্বেক্ষণৰ অতিৰিক্ত সঞ্চালক প্রধান ঝানৱিচ্ শৰ্মা, অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সচিব মানস নাথ, শিৱসাগৰ জিলাৰ আয়ুক্ত আয়ুস গাৰ্গ আৰু বিশিষ্ট বুৰঞ্জীবিদ ড° যোগেন্দ্ৰ নাথ ফুকন। বর্ষপূর্তি অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি উক্ত দিনা দিনৰ ১১ বজাত অতিথিসকলৰ আসন গ্রহণৰ পাছতে জাতীয় সংগীত পৰিৱেশন, বন্তিপ্রজ্বলন কৰা হব৷

ইয়াৰ পাছতে আমন্ত্রিত অতিথিসকলক সম্বৰ্দ্ধনা আৰু বিভাগীয় সচিব মানস নাথে আদৰণি ভাষণ আগবঢ়াব৷ পৰৱৰ্তী সময়ত সন্মানীয় অতিথি , বিশিষ্ট অতিথিবৃন্দই ভাষণ আগবঢ়াব৷ অনুষ্ঠানটোত স্বৰ্গদেউসকলৰ স্মৃতি তর্পণ সমিতিৰ সভাপতি , সম্পাদকে বক্তব্য আগবঢ়োৱাৰ পাছত নিমন্ত্রিত অতিথিৰ ভাষণ, সমজুৱাৰ দুআষাৰৰ আৰু মুখ্য অতিথি হিচাপে বিভাগীয় মন্ত্ৰী যোগেন মহনে ভাষণ আগবঢ়াব৷

You may also like

Leave a Comment