পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা ফ্ৰান্সৰ!
পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা ফ্ৰান্সৰ!ক্ষোভিত আমেৰিকা আৰু ইজৰাইল।পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিব ফ্ৰান্সে! ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে বৃহস্পতিবাৰে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰিছে।
পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিব ফ্ৰান্সে! ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে বৃহস্পতিবাৰে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰিছে। ইয়াৰ পিছতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে আমেৰিকা আৰু ইজৰাইল।
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ফ্ৰান্সে ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পেলেষ্টাইনক স্বতন্ত্ৰ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰিব। উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক সংস্থা নিৰাপত্তা পৰিষদৰ সদস্য হিচাপে ফ্ৰান্সেই প্ৰথমখন দেশ যিয়ে পেলেষ্টাইনক স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰিছে।
আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰভাৱশালী গোট জি-৭ৰ সদস্য হিচাপেও ফ্ৰান্সেই প্ৰথমখন দেশ যিয়ে ৰাজহুৱাভাৱে পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰৰ স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰিছে। ইয়াৰ পিছতে এই বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।
আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই সিদ্ধান্তক সমালোচনা কৰে। তেওঁ কয়, “আমেৰিকাই ইমানুৱেল মেক্ৰনৰ পেলেষ্টাইনৰ পৰিকল্পনা নাকচ কৰিছে। এই অসাৱধান সিদ্ধান্তই হামাছৰ অপপ্ৰচাৰক সুৰক্ষা দিব আৰু শান্তি প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব।”
২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছে কৰা আক্ৰমণৰ কথা উল্লেখ কৰি ৰুবিঅ’ই আৰু কয় ফ্ৰান্সৰ এই সিদ্ধান্ত সেই আক্ৰমণত আপোনজনক হেৰুৱাই পেলোৱাসকলৰ বাবে এক চৰৰ দৰে হৈছে।
ইজৰাইলেও ফ্ৰান্সৰ এই সিদ্ধান্তক সমালোচনা কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এটা সংবাদ প্ৰতিষ্ঠানৰ আগত কয় যে, “এটা কথা স্পষ্ট, পেলেষ্টাইনীসকলে ইজৰাইলৰ সৈতে পৃথক ৰাষ্ট্ৰৰ দাবী নকৰে। তেওঁলোকে ইজৰাইল বিলুপ্তিৰ সৈতে পৃথক ৰাষ্ট্ৰ বিচাৰে।”
ইজৰাইলে দাবী কৰিছে যে মেক্ৰনৰ এই সিদ্ধান্তই হামাছক সন্ত্ৰাসবাদত লিপ্ত হ’বলৈ উৎসাহিত কৰিব। ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাৰ্কোজিয়েও ছ’চিয়েল মিডিয়াত স্বতন্ত্ৰ পেলেষ্টাইনী ৰাষ্ট্ৰৰ বিৰোধিতা কৰি লিখিছে, “যদি এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ সৃষ্টি হয়, তেন্তে ই প্ৰকৃততে হামাছৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰ হ’ব। তেনে ক্ষেত্ৰত মেক্ৰনে ইজৰাইলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ নিশ্চয় আগবাঢ়ি নাহিব।”
অৱশ্যে ফ্ৰান্সে দাবী কৰিছে যে পশ্চিম এছিয়াত দীৰ্ঘম্যাদী শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে বিশ্বৰ প্ৰায় ৩০খন দেশে গাজা ষ্ট্ৰিপত ইজৰাইলৰ সামৰিক অভিযান বন্ধ কৰাৰ আহ্বান জনাইছে।
এই দেশসমূহৰ ভিতৰত ইজৰাইলৰ মিত্ৰ হিচাপে পৰিচিত কেইবাখনো দেশো অন্তৰ্ভুক্ত হৈ আছে। এনে প্ৰেক্ষাপটত ফ্ৰান্সৰ এই সিদ্ধান্তক তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে।