১. লাহে লাহে চেষ্টা কৰোতে কৰোতে কেইমাহমানৰ ভিতৰত ৰাতিপুৱা সাৰ পোৱাৰ পিছত চাৰি গ্লাচ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। তাৰ পিছত বাথৰুমলৈ যাওক।
২. বাথৰুমৰ পৰা অহাৰ পিছত আৰু এক গ্লাচ পানী খাই তাৰ পিছত গাখীৰ নোহোৱাকৈ একাপ চাহ খাব। আপোনাৰ ওজন বেছি হ’লে চেনি খোৱা এৰি দিয়ক। চাহ কেতিয়াও অত্যধিক গৰম নাখাব।
৩. দিনটোৰ ভিতৰত ৮ৰ পৰা ১২ গ্লাচ অতিৰিক্ত পানী খাব লাগে।
৪. পানী খোৱাক হাইড্ৰ’থেৰাপি বা জলচিকিৎসা বোলা হয়। মূলতঃ এইটো হৈছে প্রায় ৫৫০০ বছৰৰ প্রাচীন ভাৰতীয় চিকিৎসা। আধুনিক বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হৈছে যে- সাৰ পোৱাৰ পিছত লাহে লাহে চাৰি গ্লাচ পানী খোৱাৰ অভ্যাস কৰিলে প্রায় ৩৬ প্ৰকাৰৰ বেমাৰ নহয় বা হ’লেও আৰোগ্য লাভ কৰিব।
৫. আনহাতে, গাখীৰ আৰু চেনি নোহোৱাকৈ কুহুমীয়া চাহ ২৫০০ বছৰ আগৰ চাইনিজ হাৰবেল মেডিচিন।তেতিয়া এই চাহৰ দ্বাৰা হার্ট, ব্লাড প্রেচাৰ (উচ্চ ৰক্তচাপ) আৰু পেটৰ বিভিন্ন ৰোগৰ চিকিৎসা কৰা হৈছিল। আধুনিক বৈজ্ঞানিক বিশ্লেষণে দেখুৱাইছে যে চাহত থাকে এন্টিঅক্সিডেন্ট, যিয়ে নিশ্চিতভাৱে কেন্সাৰ প্ৰতিৰোধত অৰিহণা যোগায়।ইয়াৰ বাহিৰেও চাহৰ আন বহুগুণ আছে। কিন্তু প্ৰক্ৰিয়াকৰণ নোহোৱা চাহৰ মানদণ্ড তুলনামূলকভাৱে ভাল।
৬. ভিটামিন চি হৈছে বৈপ্লৱিক খাদ্যপ্রাণ পৰিপূৰক গুণাগুণ অসংখ্য। জনা যায় যে দিনটোত ১০০০ মিলিগ্ৰাম ভিটামিন চি সেৱন কৰিলে মানুহ চিৰ তৰুণ থাকে। অৱশ্যে টেবলেট খালে কোনো লাভ নহয়।প্ৰতিদিনে কম বেছি পৰিমাণে ভিটামিন চি সমৃদ্ধ সতেজ ফলমূল খাব লাগে। ভিটামিন চিয়েও কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে। আমলখি, সকলো ধৰণৰ লেবু, টমেটো, কমলা, মধুৰীআম আৰু বিভিন্ন টেঙা ফলত ভিটামিন চিৰ মাত্ৰা ভিন্ন হয়।
৭. ধূমপানকে ধৰি সকলো ধৰণৰ নিচাযুক্ত অভ্যাস ত্যাগ কৰক, কাৰণ নিচাই মানুহক সকলো দিশতে ধ্বংস কৰে।
৮. ৰেডমিট বা বেছি চর্বি যুক্ত মাংস খোৱা বন্ধ কৰিব লাগিব। ফার্মৰ কুকুৰা খোৱাৰ পৰাও বিৰত থাকিব লাগিব। কেৱল চর্বিহীন সৰু কুকুৰাহে খাব পাৰিব।
৯. প্রচুৰ পৰিমাণে হাফ-বয়েল শাক-পাচলি, তৰু-তৰকাৰী আৰু খুব কম পৰিমাণে ভাত-ৰুটি খোৱা উচিত।অতিৰিক্ত তেল, চর্বি, ঘি, মাখন নাখাৱ। মছলাৰ বিভিন্ন ভেষজ গুণ আছে যদিও ৰন্ধা-বঢ়াত বেছি মছলা ব্যৱহাৰ নকৰিব।
১০. চালাড হিচাপে প্রতিদিন অধিক পৰিমাণে খাব কেঁচা চাইলাই (Lettuce) পাত, পদিনা পাত, টমেটো ইত্যাদি।
১১. কোনো নিষেধ নাথাকিলে ৰাতিপুৱা খালী পেটত এচামুচ মৌ খাব লাগে।
১২. সৰু-বৰ সকলো ধৰণৰ মাছ খাব। সাগৰীয় মাছ খোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰিলে বহুত ভাল। কাৰণ ই এক মহৌষধ। মাছৰ লগত মাছৰ কাঁইট খোৱা ঠিক নহয়। ইয়াৰ ফলত পেটত পাথৰ হ’ব পাৰে।
১৩. সূৰ্য্যমুখী ফুলৰ বীজ হৈছে হার্টৰ ভেষজ ঔষধ। ৰন্ধনত সূৰ্য্যমুখী তেল ব্যৱহাৰ কৰিলে হার্টৰ সুৰক্ষাই নহয় হার্টৰ অসুখ থাকিলে নিৰাময়তো সহায় কৰে।
১৪. প্ৰতিদিনে অলপ টেঙা দৈ খোৱাৰ অভ্যাস গঢ়ি তোলক। দৈয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।