Home » এলভিছ যাদৱৰ গুৰুগ্ৰামৰ বাসগৃহত দুৰ্বৃত্তৰ গুলীচালনা…

এলভিছ যাদৱৰ গুৰুগ্ৰামৰ বাসগৃহত দুৰ্বৃত্তৰ গুলীচালনা…

by Barnali Saikiah
0 comments

তাৰিখ-১৭/০৮/২০২৫- এলভিছ যাদৱৰ গুৰুগ্ৰামৰ বাসগৃহত দুৰ্বৃত্তৰ গুলীচালনা…

২০২৫ চনৰ ১৭ আগষ্টৰ পুৱাৰ ভাগত ইউটিউবাৰ তথা ৰিয়েলিটি শ্ব’ৰ বিজয়ী এলভিছ যাদৱৰ গুৰুগ্ৰামৰ বাসগৃহৰ বাহিৰত মটৰ চাইকেলত অহা অচিনাক্ত ব্যক্তিয়ে গুলীচালনা কৰে। গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰত পুৱা প্ৰায় ৫:৩০ বজাত সংঘটিত হয় এই ঘটনা। মটৰ চাইকেলত অহা তিনিজন মুখা পিন্ধা ব্যক্তিয়ে যাদৱৰ ঘৰত দুইডজনৰো অধিক গুলীচালনা কৰে। সৌভাগ্যক্ৰমে আক্ৰমণৰ সময়ত এলভিছ যাদৱ ঘৰত নাছিল, আৰু কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাছিল বুলি ইণ্ডিয়া টুডে আৰু হিন্দুস্তান টাইমছত প্ৰকাশ কৰিছে।

ঘৰৰ তলৰ মহলা আৰু প্ৰথম মহলাত লাগিছিল গুলী। দিনটোৰ পিছত ‘BHAU GANG’ বুলি কোৱা এটা ছ’চিয়েল মিডিয়া পোষ্টে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। পোষ্টটোত অভিযোগ কৰা মতে, যাদৱৰ অবৈধ বেটিং এপৰ প্ৰচাৰৰ প্ৰতি সঁহাৰি জনাই এই গুলীচালনা কৰা হৈছে।গুৰুগ্ৰাম আৰক্ষীয়ে বৰ্তমান এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে, অঞ্চলটোৰ চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি সন্দেহযুক্ত লোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিছে। লগতে তেওঁলোকে আইনী ব্যৱস্থা আৰম্ভ কৰিছে, আৰু আনুষ্ঠানিক অভিযোগ দাখিল কৰাৰ পিছতেই চলিব তদন্ত ।

এলভিছ যাদৱৰ পিতৃয়ে উল্লেখ কৰা মতে এই ঘটনাৰ পূৰ্বে তেওঁলোকে কোনো ধৰণৰ ভাবুকি পোৱা নাছিল।

You may also like