৯ এপ্ৰিল, ২০২৬ঃ আজি ৰাজ্যজুৰি এটা পৰ্যায়ত হ’ব ভোটগ্ৰহণ । পুৱা ৭ বজাৰে পৰা ৰাজ্যৰ ১২৬টা সমষ্টিতে ভোটগ্ৰহণ ।
প্ৰায় ২.৫০ কোটি ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৭২২গৰাকী প্ৰাৰ্থীৰ । এইবাৰৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ ৬৬৩গৰাকী পুৰুষ, ৫৯গৰাকী মহিলা প্ৰাৰ্থী ।
ৰাজ্যৰ মুঠ ৩১,৪৯০টা ভোটকেন্দ্ৰত হ’ব ভোটগ্ৰহণ । এইবাৰৰ নিৰ্বাচনত অসমত যুৱ ভোটাৰৰ সংখ্যা ৬,৪২,৩২৪গৰাকী । অশীতিপৰ ভোটাৰৰ সংখ্যা ২,৫০,০০৬গৰাকী ।
আলগাপুৰ-কাটলিচেৰা, দক্ষিণ কৰিমগঞ্জ সমষ্টিত সৰ্বাধিক ১৫জনকৈ প্ৰাৰ্থী । ৰাজ্যৰ ৯টা সমষ্টিত দুজন প্ৰাৰ্থীৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা ।
সৰ্বাধিক ৯৯টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে । বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে ৯০টাকৈ সমষ্টিত । অগপই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ২৬টা সমষ্টিত, UPPL-এ ১৮ সমষ্টিত দিছে প্ৰাৰ্থী ।