Home » নিৰ্বাচনত আৰক্ষীৰ ভূমিকা …

নিৰ্বাচনত আৰক্ষীৰ ভূমিকা …

by Abinash Saikia
0 comments

১০ এপ্ৰিল, ২০২৬ঃ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনাৰ পৰাই আৰক্ষী লোকসকলে এক যুদ্ধৰ দৰে পৰিৱেশৰ বাবে সাজু হয়। ভোটাৰসকলে যাতে এক সুস্থিৰ পৰিৱেশত,সুচাৰুৰূপে,সুৰক্ষিতভাৱে নিজ পছন্দৰ নেতা নিৰ্বাচন কৰিব পাৰে সেই ক্ষেত্ৰত আৰক্ষীৰ লোকসকলৰ দায়িত্ব যথেষ্ট বেছি। নিৰ্বাচনী আয়োগে জাৰি কৰা নিৰ্বাচনী বিধি প্ৰৱৰ্তন কৰিবলৈ আৰক্ষীৰ লোকসকলে যথেষ্ট কষ্ট কৰিবলগা হয়।

দিনটোৰ ২৪ ঘণ্টাই সক্ৰিয় হৈ নিৰ্বাচন সুচাৰুৰূপে পালন কৰি ল’ব পাৰিলেই আৰক্ষীৰ লোকসকলে স্বস্তিৰ নিশ্বাস এৰে। হাঁহিমুখে সকলো কষ্ট অতিক্ৰম কৰি আৰক্ষীসকলে আমাক নিৰ্বাচনী বৈতৰণীত অংশ ল’বলৈ সুযোগ দিয়ে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰায় ৮০ হাজাৰ আৰক্ষীৰ লোক আৰু যথেষ্ট সংখ্যক গৃহৰক্ষী জোৱানৰ এই কষ্ট,চেষ্টা শলাগ ল’বলগীয়া।

বিশেষকৈ যোৰহাটত দুই এটা সৰু ঘটনাই যোৰহাটৰ শান্তি শৃংখলাৰ ঐক্যবদ্ধ মহল কিছু ব্যাঘাত কৰিব বিচাৰিছিল যদিও আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই যথেষ্ট বুদ্ধিমত্তাৰে পৰিস্থিতি স্বাভাৱিক কৰি তোলে। টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বেবী নেওগে থানা চৌহদত ৰাইজৰ দল আৰু বিজেপি সমৰ্থকৰ মাজত হোৱা মতানৈক্যৰ ফচল হিচাপে থানা চৌহদত কিছু অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছিল যদিও সুন্দৰকৈ মোকাবিলা কৰি নিৰ্বাচন হৈ যায়।

ইফালে ভোগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আকাশ গগৈ আৰু কৰ্ণব পাটোৱাৰী নামৰ সহকাৰী আৰক্ষী অধীক্ষকজনৰ নেতৃত্বত নিৰ্বাচনৰ আগনিশা হোৱা এটা হত্যাকাণ্ড ৰাজনৈতিক দলৰ কিছু লোকে ৰাজনৈতিক সংঘাতৰ ৰূপ দিব বিচাৰিছিল যদিও উক্ত আৰক্ষী বিষয়া দুজনৰ নেতৃত্বত কাহিনীৰ প্ৰকৃত ঘটনা কিছু সময়ৰ পিছত অবৈধ প্ৰেমৰ বাবে হোৱা বুলি উক্ত দক্ষ আৰক্ষী বিষয়াদুজনে প্ৰমাণ কৰে । সেয়ে অসম আৰক্ষীৰ এই কৰ্তব্য নিষ্ঠা একাগ্ৰতা সততা শলাগ ল’বলগীয়া।

You may also like

Leave a Comment