বিশ্ব চাইকেল দিৱসঃ প্ৰতিবছৰে জুন মাহৰ ৩ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। ২০১৮ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৩ জুন তাৰিখক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত চাইকেলৰ দীৰ্ঘ জীৱনকাল আৰু বহু কামত ব্যৱহৃত হোৱাৰ প্ৰশংসা কৰা হৈছিল। লগতে প্ৰায় দুই শতক কাল সাধাৰণ, কম খৰচী, বিশ্বাসযোগ্য, নিকা আৰু পৰিৱেশৰ বাবে উপযুক্ত যান-বাহনৰ মাধ্যম হিচাপে চাইকেলৰ উল্লেখ কৰা হৈছিল। চাইকেল ব্যৱহাৰৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰিব বাবে মূলত এই দিৱস উদযাপন কৰা হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধ্যাপক লেচজেক চিবিলস্কীয়ে তেওঁৰ সমাজ শাস্ত্ৰৰ শ্ৰেণীত তৃণ-মূল পৰ্যায়ত বিশ্ব চাইকেল দিৱসৰ ৰাষ্ট্ৰসংঘৰ স্বীকৃতিৰ বাবে এক অভিযানৰ আৰম্ভণি কৰিছিল। পিছলৈ তেওঁৰ এই অভিযানে তুৰ্কমেনিস্তানকে আদি কৰি ৫৬খন দেশৰ সমৰ্থন লাভ কৰে। ইয়াৰ ৰাষ্ট্ৰসংঘ চৰকাৰী বগা আৰু নীলা ৰঙৰ ল’গ’টো আইজাক ফেলডে নিৰ্মাণ কৰিছিল আৰু অধ্যাপকজন ই. শ্বানচনে ইয়াৰ লগত থকা এনিমেছন প্ৰস্তুত কৰিছিল। এই ল’গ’ত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ চাইকেল আৰোহী দেখুৱা হৈছে। চাইকেলে মানৱতাক সেৱা আগবঢ়ায় এয়াই হৈছে ইয়াৰ মূল উদ্দেশ্য।

বিশ্ব চাইকেল দিৱস গোটেই বিশ্বতে জাতি, বৰ্ণ, লিংগ, বয়স ভেদে উদযাপন কৰা হয়। “চাইকেল মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ এক প্ৰতীক। ই সহনশীলতা, পাৰস্পৰিক বুজা-বুজি আৰু শ্ৰদ্ধা বৃদ্ধি কৰাৰ লগতে সামাজিক সমাৱেশ আৰু সাংস্কৃতিক শান্তি প্ৰদান কৰে।”

বিশ্ব চাইকেল দিৱস বৰ্তমান সুস্থ জীৱন নিৰ্বাহ পদ্ধতিক প্ৰচাৰৰ বাবে অনুষ্ঠিত কৰা হয়। ইয়াৰ লগত বহুমূত্ৰ ৰোগ ১ আৰু ২ জড়িত হৈ আছে। তদুপৰি চাইকেল চলোৱা স্বাস্থ্যৰ বাবে লাভকাৰক।