Wednesday, August 12, 2026
Eng
Home » আজি বিশ্ব হস্তী দিৱস, কিয় পালন কৰা হয় এই দিৱস ?

আজি বিশ্ব হস্তী দিৱস, কিয় পালন কৰা হয় এই দিৱস ?

by admin
0 comments

১২ আগষ্ট, ২০২৬ঃ প্ৰতিবছৰৰ ১২ আগষ্ট তাৰিখে বিশ্বজুৰি বিশ্ব হস্তী দিৱস (World Elephant Day) পালন কৰা হয়। সমগ্ৰ বিশ্বৰ হাতীবোৰৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে উৎসৰ্গিত কৰা হয়। এছীয় আৰু আফ্ৰিকান হাতীৰ সুৰক্ষা, সংৰক্ষণ আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে ২০১২ চনৰ ১২ আগষ্টত এই দিৱসৰ শুভাৰম্ভণি কৰা হৈছিল।

 

বিশ্ব হস্তী দিৱসৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে বনাঞ্চল ধ্বংসৰ ফলত সংকুচিত হৈ পৰা হাতীৰ আৱাসভূমি সুৰক্ষিত কৰা। হাতীৰ দাঁতৰ বাবে চলা চোৰাং চিকাৰ আৰু অত্যাচাৰ বন্ধ কৰা। হাতী আৰু মানুহৰ সুৰক্ষিত সহাৱস্থান নিশ্চিত কৰা। হাতী সংৰক্ষণৰ বাবে বৈজ্ঞানিক আৰু দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰা।

২০১১ চনত কানাডাৰ চলচ্চিত্ৰ নিৰ্মাতা পেট্ৰিচিয়া চিমছ আৰু কানাজৱেষ্ট পিকচাৰ্ছৰ মাইকেল ক্লাৰ্ক আৰু এলিফেণ্ট ৰিইনট্ৰ’ডচন ফাউণ্ডেশ্যনৰ সচিব প্ৰধান শিভাপৰ্ণ দাৰদাৰানন্দই থাইলেণ্ডত বিশ্ব হস্তী দিৱসৰ পৰিকল্পনা কৰিছিল। ২০১২ চনৰ ১২ আগষ্ট তাৰিখে পেট্ৰিচিয়া চিমছ আৰু এলিফেণ্ট ৰিইনট্ৰ’ডচন ফাউণ্ডেশ্যনে আনুষ্ঠানিকভাৱে এই অনুষ্ঠানটিৰ প্ৰতিষ্ঠা, সমৰ্থন আৰু আৰম্ভণি কৰে। পেট্ৰিচিয়া চিমছে বিশ্ব হস্তী দিৱসৰ নেতৃত্ব, সমৰ্থন আৰু পৰিচালনা কৰি আহিছে । বৰ্তমান বিশ্বৰ বিভিন্ন দেশত, ১০০ৰো অধিক বন্যপ্ৰাণী সংস্থা আৰু বহু ব্যক্তিৰদ্বাৰা এই অনুষ্ঠানটি স্বীকৃত আৰু উদযাপিত হয়।

বিশ্ব হাতী দিৱসৰ লক্ষ্য হৈছে আফ্ৰিকা আৰু এছিয়াৰ হাতীৰ তৎপৰ দুৰ্দশাৰ প্ৰতি সজাগতা সৃষ্টি কৰা, আৰু বন্দী আৰু বনৰীয়া হাতীৰ উন্নত যত্ন আৰু ব্যৱস্থাপনাৰ বাবে জ্ঞান আৰু ইতিবাচক সমাধান উলিওৱা। আফ্ৰিকাৰ হাতীক বিপন্ন প্ৰজাতিৰ আই ইউ চি এন ৰঙা তালিকাত “অসুৰক্ষিত” আৰু এছিয়াৰ হাতীক “বিপন্ন” হিচাপে তালিকাভুক্ত কৰা হৈছে। এজন সংৰক্ষণবিদে কয় যে আফ্ৰিকা আৰু এছিয়াৰ দুয়োবিধ হাতী প্ৰজাতি বাৰ বছৰৰ ভিতৰত বিলুপ্তিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান আফ্ৰিকাৰ হাতীৰ জনসংখ্যা প্ৰায় ৪ লাখ আৰু এছিয়াৰ হাতীৰ জনসংখ্যা ৪০ হাজাৰ বুলি অনুমান কৰা হয় যদিও এই সংখ্যা বহুত বেছি বুলিও যুক্তি দিয়া হয়।

You may also like

Leave a Comment