Home » ডিজিটেল এৰেষ্ট কি? কেনেকৈ আপোনাৰ কষ্টোপাৰ্জিত গাঁঠিৰ ধন হৰলুকি কৰে প্ৰৱঞ্চকে?

ডিজিটেল এৰেষ্ট কি? কেনেকৈ আপোনাৰ কষ্টোপাৰ্জিত গাঁঠিৰ ধন হৰলুকি কৰে প্ৰৱঞ্চকে?

by Abinash Saikia
0 comments

১৩ জুন, ২০২৬ঃ ডিজিটেল এৰেষ্ট হৈছে চাইবাৰ অপৰাধীৰ দ্বাৰা কৰা এক ভয়ংকৰ প্ৰৱঞ্চনা বা জালিয়াতি। এয়া হৈছে প্ৰৱঞ্চনাৰ এক নতুন ধৰণ। সাধাৰণতে প্ৰৱঞ্চকে নিজকে এজন চৰকাৰী বিষয়া অথবা শীৰ্ষ আৰক্ষী বিষয়া বুলি পৰিচয় দি ফোন অথবা ভিডিঅ’ কল কৰে। সেই ফোন বা ভিডিঅ’ কল ৰিচিভ কৰাৰ পাছত সেইফালৰ পৰা ব্যক্তিগৰাকীক বিভিন্ন আৰোপ লগোৱা হয়। বিভিন্ন বে আইনী কামত জড়িত থকা বুলি অভিযোগ কৰা হয়। আনকি নিজৰ সন্তান, স্বামী,পত্নী আদি তেনেকুৱা অপৰাধত জড়িত থকা বুলি কৈ ভয় খুওৱা হয়। কিবা কাৰণত যদি সেই প্ৰৱঞ্চকৰ ভীতি প্ৰদৰ্শন,ভাবুকিত ভয় খাই ফোনটো বা ভিডিঅ’ কলটো ৰিচিভ কৰা জনে প্ৰৱঞ্চকৰ কথামতে কাম কৰি যায়, তেনেহ’লে মুহূৰ্তৰ ভিতৰতেই তেওঁৰ একাউণ্ট খালি কৰি দিয়ে। এনেকৈ বহুলোকে এই প্ৰৱঞ্চনাৰ ভুক্তভোগী হৈ আহিছে।

এই প্ৰৱঞ্চনা কেনেকৈ সংঘটিত হয় জানো আহক-

ভয় দেখুৱা: প্ৰৱঞ্চকসকলে আপোনাক ফোন কৰি কয় যে আপোনাৰ আধাৰ কাৰ্ড, বেংক একাউণ্ট, বা পাৰ্চেল কোনো অপৰাধ (যেনে- ড্ৰাগছ সৰবৰাহ, মনি লণ্ড্ৰিং)ৰ সৈতে জড়িত

নকল নথিপত্র: বিশ্বাস জন্মাবলৈ তেওঁলোকে WhatsApp বা Skype আদিৰ জৰিয়তে ভিডিঅ’ কল কৰে আৰু পুলিচৰ পোছাক পিন্ধি ভুৱা ৱাৰেণ্ট বা অফিচিয়েল নথিপত্ৰ দেখুৱায়।

ঘৰৰ পৰা ওলাব নিদিয়া: তেওঁলোকে গোপনীয়তাৰ দোহাই দি আপোনাক পৰিয়াল বা আত্মীয়ৰ সৈতে কথা পতাৰ পৰা বিৰত থাকিবলৈ কয় আৰু ২৪ ঘণ্টাই ভিডিঅ’ কল অন কৰি ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখে।

ধন দাবী: শেষত, গোচৰটো নিষ্পত্তি কৰাৰ বাবে বা অভিযোগৰ পৰা মুক্ত কৰাৰ নামত বৃহৎ পৰিমাণৰ ধন দাবী কৰে।

ইয়াৰ পৰা বাচিবলৈ কি কৰিব?

পুলিচ বা কোনো চৰকাৰী সংস্থাই কেতিয়াও ভিডিঅ’ কলৰ জৰিয়তে তদন্ত নকৰে বা গ্ৰেপ্তাৰ নকৰে।

প্ৰমাণ বিচাৰক: যদি কোনোবাই তেনে দাবী কৰে, তেওঁলোকৰ পৰিচয় পত্ৰ বিচাৰক আৰু স্থানীয় থানাত যোগাযোগ কৰক। নম্বৰত ডায়েল কৰক: যিকোনো সহায় বা অভিযোগৰ বাবে তাৎক্ষণিকভাৱে চৰকাৰী চাইবাৰ হেল্পলাইন নম্বৰ ১৯৩০-ত (1930) ফোন কৰক।

You may also like

Leave a Comment