প্ৰেছ ইনফৰমেচন ব্যুৰো (পিআইবি), গুৱাহাটীয়ে অসমৰ বিশিষ্ট সংবাদ প্ৰতিষ্ঠানৰ ১১গৰাকী সম্পাদকৰ এটা দলৰ বাবে ১৮ৰ পৰা ২২ আগষ্ট, ২০২৬লৈ তামিলনাডুলৈ এক পাঁচদিনীয়া মিডিয়া ট্যুৰৰ আয়োজন কৰিছে। এই ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে অংশগ্ৰহণকাৰী জ্যেষ্ঠ সাংবাদিকসকলক তামিলনাডুৰ গুৰুত্বপূৰ্ণ গৱেষণা, উন্নয়নমূলক, সাংস্কৃতিক আৰু প্ৰতিষ্ঠানিক পদক্ষেপসমূহৰ বিষয়ে প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদান কৰা।
দলটোত ‘নিয়মীয়া বাৰ্তা’, ‘দৈনিক অসম’, ‘দৈনিক অগ্ৰদূত’, ‘পূৰ্বাঞ্চল প্ৰহৰী’, ‘দৈনিক গণ অধিকাৰ’, ‘প্ৰাগ নিউজ’, ‘নৰ্থইষ্ট লাইভ’, ‘নিউজ১৮ অসম’, ‘এনডি২৪’, ‘আছাম টকছ’ আৰু ‘ডিৱাই৩৬৫’ৰ সম্পাদক তথা জ্যেষ্ঠ সংবাদ প্ৰতিনিধিসকল আছে। এই দলটোৰ নেতৃত্ব প্ৰদান কৰিছে পিআইবি গুৱাহাটীৰ যুটীয়া সঞ্চালক তথা আইআইএছ বিষয়া শ্ৰীমতী পাৱনী গুপ্তাই।
ভ্ৰমণৰ প্ৰথমদিনা দলটোৱে ইণ্ডিয়ান মেৰিটাইম ইউনিভাৰ্চিটি (আইএমইউ) পৰিদৰ্শন কৰিব। আইএমইউত তেওঁলোকে এক বৈঠকত অংশ ল’ব আৰু সামুদ্ৰিক শিক্ষা তথা উন্নয়নৰ ক্ষেত্ৰত এই প্ৰতিষ্ঠানৰ ভূমিকা সম্পৰ্কে বুজ ল’বলৈ বিষয়াসকলৰ সৈতে মতবিনিময় কৰিব।
১৯ আগষ্টত দলটোৱে ‘চিএছআইআৰ–ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিং ৰিছাৰ্চ চেণ্টাৰ’ পৰিদৰ্শন কৰিব। তাত তেওঁলোকে সংৰচনাত্মক অভিযান্ত্ৰিক গৱেষণা আৰু প্ৰযুক্তিগত উন্নয়নৰ বিষয়ে জ্ঞান লাভ কৰিব।
ইয়াৰ পিছত সংবাদ দলটো মুট্টুকাডুস্থিত ‘আইচিএআৰ–চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ব্ৰাকিছৱাটাৰ একুৱাকালচাৰ’ (আইচিএআৰ-চিআইবিএ) পৰিদৰ্শন কৰিব। আইচিএআৰ-চিআইবিএত তেওঁলোকক ব্ৰাকিছৱাটাৰ মৎস্য পালনৰ গৱেষণা আৰু উদ্ভাৱন সম্পৰ্কে তথ্য প্ৰদান কৰা হ’ব। তদুপৰি, দলটোৱে ‘ইৰুলা স্নেক কেচাৰ্ছ ক’-অপাৰেটিভ ছ’চাইটি’ পৰিদৰ্শন কৰিব আৰু সাপ সংৰক্ষণ তথা পৰিচালনাৰ পৰম্পৰাগত জ্ঞান বুজিবলৈ স্থানীয় জনগোষ্ঠীয় লোকসকলৰ সৈতে মত-বিনিময় কৰিব।
২১ আগষ্টত জ্যেষ্ঠ সাংবাদিকসকলে ‘মহিন্দ্ৰা ৰিছাৰ্চ পাৰ্ক’ পৰিদৰ্শন কৰাৰ লগতে তেওঁলোকে মহাৱলীপুৰম শ্বৰ টেম্পল (উপকূলীয় মন্দিৰ) আৰু মহাৱলীপুৰম লাইটহাউছ পৰিদৰ্শন কৰি অঞ্চলটোৰ চহকী সাংস্কৃতিক আৰু স্থাপত্য ঐতিহ্য প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিব।
দেশৰ বিভিন্ন প্ৰান্তৰ বিকাশৰ কাহিনীসমূহ প্ৰত্যক্ষ কৰা, তথ্য সংগ্ৰহ কৰা আৰু সেয়া প্ৰচাৰ কৰাত সাংবাদিকসকলক সহায় কৰাই এই ভ্ৰমণৰ উদ্দেশ্য। আঞ্চলিক সজাগতা বৃদ্ধি আৰু ৰাষ্ট্ৰীয় সংহতি সুদৃঢ় কৰাৰ বাবে পিআইবি গুৱাহাটীয়ে যি নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে, এই ভ্ৰমণো তাৰেই অংশ। বিভিন্ন প্ৰতিষ্ঠান, গৱেষণাগাৰ, সাংস্কৃতিক স্থান আৰু সম্প্ৰদায়ভিত্তিক পদক্ষেপসমূহৰ সৈতে প্ৰত্যক্ষভাৱে জনাৰ সূযোগৰ জৰিয়তে এই ভ্ৰমণে দায়িত্বশীল সংবাদ পৰিৱেশনত সহায় কৰিব।