Home » আজি নাঙলৰ বিহু …

আজি নাঙলৰ বিহু …

by admin
0 comments

১৮ এপ্ৰিল, ২০২৬ঃ ৰঙালীৰ ৰঙত মতলীয়া প্ৰতিজন অসমীয়া। ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে ৰাজ্যৰ চৌদিশ । আজি ব’হাগ বিহুৰ পঞ্চমটো দিন। ৰাজ্যজুৰি আজি পালন নাঙলৰ বিহু ।

অসমৰ কৃষিজীৱি ৰাইজে আজি পালন কৰিছে নাঙলৰ বিহু । কৃষি কাৰ্যত ব্যৱহৃত নাঙল, যুঁৱলি, জাপি আদি সঁজুলিসমূহ পৰিস্কাৰ কৰে কৃষকে। কৃষি সঁজুলিসমূহত ধূপ-দ্বীপ জ্বলাই সেৱা প্ৰাৰ্থনা কৃষকৰ।

কৃষি উৎপাদন বৃদ্ধি আৰু শস্যৰ শ্ৰীবৃদ্ধি কামনাৰে পালন নাঙলৰ বিহু। বছৰটোৰ বাবে খেতি-বাতিৰ মংগল কামনাৰে চহা কৃষকৰ এই পৰম্পৰা।

 

You may also like

Leave a Comment