Home » চাংসাৰীৰ AIIMSৰ পানী যোগানৰ ঠিকাত ভয়ংকৰ দুৰ্নীতি।

চাংসাৰীৰ AIIMSৰ পানী যোগানৰ ঠিকাত ভয়ংকৰ দুৰ্নীতি।

by admin
0 comments

AIIMSৰ পানীযোগান প্ৰকল্পৰ নামত D.K.Assam নামৰ এক ঠিকাদাৰী প্ৰতিষ্ঠানে চলাইছে বিয়াগোম দুৰ্নীতি ।পাইপ সংস্হাপনৰ সময়ত খান্দি পেলোৱা ২৫ কিলোমিটাৰ জোৰা কেইবাটাও গড়কাপ্তানী পথ মেৰামতি অবিহনেই পেলাই ৰাখিলে একবছৰৰো অধিক কাল জুৰি ।ৰংমহল অঞ্চলৰ পাহাৰত থকা প্ৰকল্পৰ পৰা আৰম্ভ কৰি ৰজাখাট,নাজিৰাখাট,জলাহকে ধৰি চাংসাৰীলৈ এই সমগ্ৰ এলেকাৰ গড়কাপ্তানী পথ খান্দি পেলোৱা হৈছিল পাইপ সংস্হাপনৰ বাবে ।এবছৰ আগতেই পাইপ সংস্হাপন কৰা হ’ল ঠিকেই ,কিন্তু খান্দি পেলোৱা গড়কাপ্তানী পথৰ মেৰামতিহে নহ’ল।যাৰ পৰিণতিত সেই বিধস্ত গড়কাপ্তানী পথৰ উন্মুক্ত গাতঁত পৰি বহুকেইটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ।ৰংমহলত থকা D.K.Assamৰ অস্হায়ী শিবিৰত স্হানীয় লোকে বহুত অভিযোগ দিলে ।কিন্তু ঠিকাদাৰী প্ৰতিষ্ঠানটিয়ে কোনো গুৰুত্বই প্ৰদান নকৰিলে ।উক্ত ২৫ কিলোমিটাৰজোৰা পথ মেৰামতিৰ বাবে এছটিমেটত আছে এক বিয়াগোম অংকৰ ধনৰাশি ।এই ধনৰাশি লুণ্ঠনৰ বাবেই ঠিকাদাৰী প্ৰতিষ্ঠানটিৰ সৈতে বিভাগীয় বিষয়া জড়িত হৈ পৰা বুলি স্হানীয় লোকে অভিযোগ কৰে ।ৰাস্তা মেৰামতিৰ নামত এচটিমেটত এক বৃহৎ অংকৰ ধনৰাশি ধৰা আছে সেই কথা ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ কাম কাজ চোৱাচিতা কৰা মহৰী গৰাকীয়েও স্বীকাৰ কৰিছে আছাম টকচ্ৰ গোপন কেমেৰাত…

You may also like

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Recent Posts

Guide Map