Home » মাতৃভাষাৰ শিক্ষা

মাতৃভাষাৰ শিক্ষা

by madhuri das
0 comments

মাতৃভাষাৰ শিক্ষা- ৭/০৮/২০২৫

মাতৃভাষাৰ শিক্ষা হ’ল এটা জাতিৰ মেৰুদণ্ডস্বৰূপ। শিক্ষক আৰু শিক্ষার্থী ইয়াৰ দুটা প্রধান অংশ। এই বিশাল বিশ্বৰ প্ৰতিখন দেশতেই নিজস্ব ভাষা আছে যাৰ দ্বাৰা সেই দেশখন সমগ্র বিশ্বতে চিৰপৰিচিত। ইংলেণ্ডত ইংৰাজী, ফ্ৰান্সত ফৰাচী, গ্ৰীচত গ্রীক, জার্মানীত জার্মান, ৰোমত ৰোমান, আৰৱত আৰৱী, চীনত চাইনিজ ইত্যাদি দেশবোৰৰ নিজস্ব ভাষাৰ শিক্ষা আজিও বিদ্যমান যাৰ দ্বাৰা এই দেশবোৰে নিজস্বতা, স্বকীয়তা ধৰি ৰাখিবলৈ সক্ষম হৈছে। ঠিক তেনেদৰে আমাৰ দেশ ভাৰতবৰ্ষৰো প্ৰতিখন ৰাজ্যৰে নিজা নিজা ভাষা আছে আৰু প্ৰতিখন ৰাজ্যতেই নিজ নিজ মাতৃভাষাতেই বিদ্যালয়সমূহৰ প্ৰাথমিক স্তৰৰ পৰাই উচ্চশিক্ষা পর্যন্ত শিক্ষা প্রদান কৰি অহা হৈছে। যাৰ দ্বাৰা প্ৰতিগৰাকী ভাৰতীয় শিশুৱে মাতৃভাষাক ভালদৰে জানিবলৈ আৰু নিজস্ব সাহিত্য-সংস্কৃতিৰ জৰিয়তে এই ভাষাক বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ সক্ষম হৈছে।

আমাৰ দেশ ভাৰতবর্ষ বিশ্বগুৰুৰূপে সৰ্বজনবন্দিত। সমগ্র বিশ্ব সাহিত্যৰ আদিপাঠ ভাৰতবৰ্ষৰ পৰাই উদ্ভৱ হৈছিল বুলি প্রামাণিক ইতিহাস আছে। সমগ্ৰ বিশ্বৰ ভিতৰত প্ৰথম বিশ্ববিদ্যালয় আছিল আমাৰ দেশ ভাৰতবৰ্ষত। বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ পৰা শিক্ষার্থী তথা পর্যটকে আমাৰ দেশৰ বিশ্ববিদ্যালয়সমূহত অধ্যয়ণ তথা গৱেষণাৰ বাবে আহিছিল। মাতৃভাষাৰ জৰিয়তেই মাতৃভূমিৰ সপোন সার্থক কৰিবলৈ আমাৰ দেশৰ অনেকজন সু-সন্তানে অতীজৰ পৰাই আজি পৰ্যন্ত অহোপুৰুষাৰ্থ কৰি আহিছে আৰু সমগ্র বিশ্বৰ ৰত্ন হিচাপে বিভিন্ন দিশত নিজকে জিলিকাই তুলিবলৈও সক্ষম হৈছে।

কালক্ৰমত আমাৰ দেশ ভাৰতবৰ্ষত ইংৰাজী সভ্যতাই জোৰকৈ গ্ৰাস কৰিবলৈ ধৰিলে আৰু আমাৰ বাৰে ৰহনীয়া সাহিত্য-সংস্কৃতিবোৰক এফালৰ পৰা আওপুৰণি তথা বিকৃত ৰূপ দিয়াত আমাৰ সমাজৰে একাংশ ব্যস্ত হৈ পৰিল। এতিয়া আমি ইংৰাজৰ গোলাম এনেকৈ হৈ পৰিছোঁ যে ইংৰাজী নাজানিলে আমাৰ যেন একো মূল্যই নাই, অস্তিত্বই নাই। ইয়াৰ বাবে প্রকৃত দায়ী কোন? কিয় আজি আমাৰ ভাষা, সাহিত্যই আগৰদৰে যথাযোগ্য সম্মান নাপায়? কিয় মাতৃভাষাৰ বিদ্যালয়ত নিজৰ সন্তানক পঢ়ুৱাবলৈ আজিৰ অভিভাৱক-অভিভাৱিকাসকল অনিচ্ছুক? এই প্রশ্ন নিতান্তই প্রয়োজনীয় আজিৰ দিনত।

জীৱনৰ বিভিন্ন পৰিস্থিতিত সম্মুখীন হোৱা সমস্যাবিলাক কৃতকাৰ্য্যতাৰে সমাধান কৰিবৰ কাৰণে আমাৰ বিভিন্নধৰণৰ সামর্থ্য আৰু দক্ষতাৰ প্ৰয়োজন হয়। ছাত্ৰ-ছাত্ৰীৰ এই সামর্থ্য আৰু দক্ষতাসমূহ আহৰণ কৰাটোৱেই হৈছে শিক্ষাৰ মূল উদ্দেশ্য। শিক্ষক হৈছে শিক্ষাকাৰ্য্যৰ পৰিচালক। শিক্ষকৰ লক্ষ্য নিৰ্ধাৰণ, পাঠ্যক্ৰমৰ কাৰ্য্যকৰীকৰণ, শিক্ষণ সঁজুলিৰ প্ৰয়োগকৰণ, ছাত্ৰৰ শৈক্ষিক মূল্যায়ন আৰু অনুশাসন ৰক্ষা আদি সকলো দিশৰ ৰূপায়ণ কৰা হৈছে মূল কৰ্তব্য। এইখিনিৰ সুপ্ৰয়োগৰ জৰিয়তে মাতৃভাষাৰ শিক্ষাৰেও শিক্ষকসকলে প্ৰতিগৰাকী শিক্ষাৰ্থীক সৰ্বভাৰতীয় বা আন্তর্জাতিক পৰীক্ষাৰ বাবে সাজু কৰি তুলিবলৈ সক্ষম হ’ব। ইয়াৰ বাবে শিক্ষক আৰু শিক্ষার্থীৰ নিয়মানুৱর্তিতা, সমস্যাৰ সমাধানসুলভ মন আৰু সফলতাৰ প্ৰতি একাগ্রতা নিতান্তই প্রয়োজনীয়।

You may also like