Thursday, October 16, 2025
Eng
Home » ৰনজিত দাস মন্ত্ৰীসভাৰ আটাইতকৈ অযোগ্য মন্ত্ৰী: জাকিৰ হুছেইন ছিকদাৰ

ৰনজিত দাস মন্ত্ৰীসভাৰ আটাইতকৈ অযোগ্য মন্ত্ৰী: জাকিৰ হুছেইন ছিকদাৰ

by admin
0 comments

ৰনজিত দাস মন্ত্ৰীসভাৰ আটাইতকৈ অযোগ্য মন্ত্ৰী। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তৎপৰ নহয়। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ কাম কাজত বিসংগতিৰ অভিযোগ। প্ৰধানমন্ত্ৰীৰ সপোনৰ বিপৰীতে তৎপৰ নহয় মন্ত্ৰী ৰনজিত দাস। বৰপেটা ধুবুৰী আৰু দক্ষিণ মানকাছৰত ৮ লাখ পৰিয়ালক এই আঁচনিৰ পৰা কর্তনৰ নির্দিষ্ট দিয়া হৈছে। সংখ্যালঘু হোৱাৰ বাবেই এই আচঁনিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ। তালিকাত নাম থকাৰ পিছত আঁচনিৰ পৰা নাম কৰ্তন কৰাৰ নিৰ্দেশ প্ৰদান ৰঞ্জিত দাসৰ। বিভাগীয় জাননী প্ৰদান কৰি নাম কৰ্তনৰ নিৰ্দেশ বিভাগীয় মন্ত্ৰীয়ে। বৰপেটাৰ ৪৮হাজাৰ, ৩৮হাজাৰ ধুবুৰী, ১৬ হাজাৰ দক্ষিণ মানকাছৰৰ হিতাধিকাৰীৰ নাম কৰ্তনৰ নিৰ্দেশ। কংগ্ৰেছ এ আই ইউ ডি এফৰ মাজত কোনো ভুল বুজাবুজি হোৱা নাই। ৰাজ্যসভা নিৰ্বাচনত ৰিপুন বহিব 43 টা ভোট লাভ কৰি জয়ী হ’ব। কংগ্ৰেছ, এ আই ইউ ডি এফ, অখিল আৰু CPIM য়ে ৰিপুন বৰাক সাংসদ হিচাপে বিচাৰে। এনেদৰে বিধানসভাৰ মজিয়াত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে।

You may also like