আপুনি হাতেৰে typing কৰে নেকি? কিন্তু আপুনি জানেনে হাতৰ typing তকৈ বেছি বেগত কোনোৱে typing কৰিব পাৰে নাকেৰে। হাইদৰাবাদৰ এজন ব্যক্তি যিয়ে নাকেৰে যি গতিত টাইপিং কৰে বহুতে হাতেৰেও কৰিব নোৱাৰে। ব্যক্তিজনৰ নাম মহম্মদ খুৰ্চিদ হুছেইন। 10 বছৰ বয়সৰ পৰা টাইপিং কৰিছে হুছেইনে। আৰু এই কামত পাৰ্গত হোৱাৰ বাবে দৈনিক 8ঘণ্টা অভ্যাস কৰিছিল হুছেইনে। তেওঁৰ এই কষ্ট ফল স্বৰূপে তেওঁৰ নামত এটা নহয় দুটা গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ে। 3.45 ছেকেণ্ডত ইংলিছৰ সকলো Alphabet টাইপিং কৰিব পাৰে হুছেইনে।ভাবিবলৈকে আচৰিত লাগে। ইয়াৰোপৰি 46 ছেকেণ্ডত 103টাকৈ শব্দ নাকেৰে টাইপিং কৰিব পাৰে হুছেইনে। প্ৰথমে নাকেৰে টাইপিং কৰোঁতে যথেষ্ট তেওঁৰ অসুবিধা হৈছিল হুছেইনৰ কাৰণ চকুৰে কিবৰ্ড খন দেখিবলৈ অসুবিধা হৈছিল। তথাপি তেওঁ কষ্টৰ ফলত এই খ্যাতি অৰ্জন কৰে।আপুনিও চেষ্টা কৰিলে নাকেৰে বহুত বেগত typing কৰিব পাৰিব।
103
previous post