Home » বৰ ভূঁইকঁপ আহি আছে! মৃ*ত্যু হ’ব তিনি লক্ষাধিক লোকৰ!

বৰ ভূঁইকঁপ আহি আছে! মৃ*ত্যু হ’ব তিনি লক্ষাধিক লোকৰ!

by admin
0 comments

ভূমিকম্পৰ আগজাননী দিয়া অসম্ভৱ। এই পৰ্যন্ত কোনো বিজ্ঞানীয়ে কোনো ভূমিকম্পৰ সঠিক আগজাননী দিব পৰা নাই। কিন্তু তাৰ মাজতে থাইলেণ্ড, ম্যানমাৰ ভূমিকম্পই তচমছ কৰি যোৱাৰ পিছত এটা গৱেষকৰ দলৰ তথ্যৰ ভিত্তিত বৰ ভূঁইকঁপৰ এক ভয়ংকৰ সকীয়নি দিছে জাপান চৰকাৰে।

মাত্ৰ যোৱা সোমবাৰে প্ৰকাশ কৰা হৈছে এই সম্পৰ্কীয় এক দীঘলীয়া প্ৰতিবেদন। এই প্ৰতিবেদন ৰাজহুৱা কৰি জাপান চৰকাৰে প্ৰকাশ কৰিছে আহিবলগীয়া বৰ ভূঁইকঁপত আৰু তাৰ পিছত হ’বলগীয়া ছুনামীত দেশখনৰ তিনি লক্ষাধিক লোকৰ মৃত্যু হ’ব পাৰে। ইয়াৰ ফলত জাপানৰ ক্ষতি হ’ব প্ৰায় ২ লাখ কোটি টকাৰ অৰ্থনীতি। যি পৰিমাণ দেশখনৰ মুঠ জিডিপিৰ প্ৰায় আধা। বিজ্ঞানীসকলৰ আশংকা সেই বৰ ভূঁইকঁপৰ প্ৰাৱল্য হ’ব ৰিখটাৰ স্কেলত ৮ৰ পৰা ৯।


২০২৪ চনত দক্ষিণ জাপানত ৭.১ প্ৰাৱল্যৰ এক বৰ ভূঁইকঁপে আঘাত হানিছিল। তাৰ ওপৰতে পৰীক্ষা-নিৰীক্ষা চলাই জাপানে জাৰি কৰি এই সতৰ্কতা। এই আশংকাৰ ভিত্তিত জাপান চৰকাৰে দেশখনৰ ১২.৩ লাখ লোকক নিৰাপদ স্থানলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে। অৰ্থাত্‍ দেশখনৰ ১০ শতাংশ লোককে চৰকাৰে স্থানান্তৰিত কৰিব লাগিব।


কোন স্থানত সেই বৰ ভূঁইকঁপৰ উত্‍স হ’ব সেয়াও প্ৰকাশ কৰিছে জাপান চৰকাৰে। সম্ভাৱ্য উত্‍সৰূপে চিনাক্ত কৰা হৈছে ‘নানকাই ট্ৰফ’ নামেৰে সমুদ্ৰৰ গভীৰত থকা এটা স্থানক। জাপানৰ ছিজুওকা পৰা কিউশু পৰ্যন্ত প্ৰায় ৮০০ কিলোমিটাৰ বিস্তৃত এই এলেকা।


স্বাভাৱিকতেই প্ৰশ্ন হয় ভূমিকম্পৰ কোনো আগজাননী দিয়াটো এই পৰ্যন্ত অসম্ভৱৰূপেই বিবেচিত হৈ থকাৰ পিছতো জাপান চৰকাৰে ইমান হুৰমূৰকৈ কিয় সতৰ্কতা জাৰি কৰিলে। টকিঅ’ই প্ৰকাশ কৰা এই আশংকাৰ কাৰণ টেকটোনিক পাতৰ অস্থিৰ কাৰ্যকলাপ।

বিজ্ঞানীসকলৰ মতে, ফিলিপাইন্স সমুদ্ৰৰ ইউৰেছিয়া প্লেট অস্বাভাৱিকভাৱে তললৈ নামি আহিছে। যাৰ ভিতৰত এতিয়া ৯.১ প্ৰাৱল্যৰ কম্পনৰ শক্তি সঞ্চয় হৈছে।

You may also like