Home » উত্তৰ-পূৰ্বাঞ্চলৰ অভিভাৱক ঢাকাহে! চীনত মহম্মদ ইউনুছে কৰা মন্তব্যক লৈ দেশত ধুমুহা

উত্তৰ-পূৰ্বাঞ্চলৰ অভিভাৱক ঢাকাহে! চীনত মহম্মদ ইউনুছে কৰা মন্তব্যক লৈ দেশত ধুমুহা

by admin
0 comments

উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ ‘মূল বিছিন্ন’ অঞ্চল! সাগৰৰ সৈতে এই অঞ্চলৰ অভিভাৱক ঢাকাহে! চীনত মহম্মদ ইউনুছে কৰা মন্তব্যক লৈ দেশত ধুমুহা। মহম্মদ ইউনুছে বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ প্ৰধান উপদেষ্টাৰ দায়িত্ব লোৱাৰে পৰা প্ৰতিৱেশী ৰাষ্ট্ৰখনৰ সৈতে ভাৰতৰ সম্পৰ্ক দ্ৰুত অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। বাৰে বাৰে ভাৰত বিৰোধী মন্তব্য দিয়াৰ লগতে ভাৰতৰ সৈতে ভাল সম্পৰ্ক নথকা শক্তিৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ইউনুছে। শেহতীয়াকৈ চীন ভ্ৰমণলৈ গৈ ভাৰতৰ আভ্যন্তৰীণ বিষয়ত কেইবাটাও স্পৰ্শকাতৰ মন্তব্য কৰিলে বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ প্ৰধানজনে।

উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ সৈতে সংযুক্ত কৰি ৰখা শিলিগুৰিৰ ছিকেন নেকৰ প্ৰসংগ উত্থাপন কৰি ইউনুছে চীনত ক’লে- উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ মূল বিছিন্ন এটা এলেকা। সাগৰৰ সৈতে এই এলেকাৰ অভিভাৱক ঢাকাহে। সিমানতে সীমাবদ্ধ নাথাকি ইউনুছে ক’লে- এই অঞ্চলটোলৈ চীনে নিৰ্বিঘ্নে অৰ্থনীতি সম্প্ৰসাৰণ কৰিব পাৰে। এয়া চীনৰ বাবে এক সাৰুৱা এলেকা।

ভাৰতক এৰি ভূটান আৰু নেপালৰ সৈতে চীনক সম্পৰ্ক সু-দৃঢ় কৰিবলৈকো উচতনিমূলক বক্তব্য ৰাখে মহম্মদ ইউনুছে। তেওঁ ক’লে- জলবিদ্যুত্‍ শক্তিৰ প্ৰচুৰ সম্ভাৱনা থকা ভূটান আৰু নেপালৰ প্ৰতি ব্যৱসায় সম্প্ৰসাৰণৰ দৃষ্টি দিব পাৰে চীনে। ইউনুছে কৰা এই স্পৰ্শকাতৰ মন্তব্যই লগে লগে দেশত ধুমুহাৰ সৃষ্টি কৰিছে। ভাৰতৰ আভ্যন্তৰীণ বিষয়ত প্ৰতিৱেশী ৰাষ্ট্ৰখনৰ মূৰব্বীজনে কৰা এনে প্ৰৰোচনামূলক মন্তব্যক কোনেও সহজভাৱে ল’ব পৰা নাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ এক্স হেণ্ডেলত ইয়াৰ কটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক’লে-এয়া অত্যন্ত আক্ৰমণাত্মক আৰু গৰিহণাযোগ্য ভাষ্য। ইউনুছৰ এই ভাষ্যক কোনো কাৰণতে সহজভাৱে লোৱা উচিত নহয়। ইয়াৰ পিছতে বিহালীত নিজৰ প্ৰতিক্ৰিয়া দি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে ক’লে- বিভেদকামী শক্তিবোৰে সদায়ে চিকেন নেকক লৈ ব্লেকমেইল কৰে।

ভাৰত চৰকাৰে এই এলেকাত এটা সুৰংগ পথ আৰু ৰে’লপথ নিৰ্মাণ কৰাৰ লগতে ভূটানৰ মাজেদি এটা বিকল্প পথৰো সন্ধান কৰিব লাগে। ৰাষ্ট্ৰীয় পৰ্যায়ত বিষয়টোক লৈ আৰম্ভ হৈছে তুমুল বিতৰ্ক। বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা আক্ৰমণৰ পিছতে দেশখনৰ প্ৰধান উপদেষ্টাজনে ভাৰতক এনেদৰে টাৰ্গেট কৰা বিষয়টোক কোনেও সহজভাৱে ল’ব পৰা নাই। কিন্তু একেসময়তে চৰ্চা হৈছে এই প্ৰসংগত দেশৰ বিদেশ মন্ত্ৰণালয় বা প্ৰধান মন্ত্ৰী কাৰ্যালয়ে

You may also like

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Feature Posts

Guide Map