Thursday, August 13, 2026
Eng
Home » হঠাৎ অসুস্থ লালু প্ৰসাদ যাদৱ

হঠাৎ অসুস্থ লালু প্ৰসাদ যাদৱ

by admin
0 comments

আৰজেডি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ আকস্মিকভাৱে অধিক অৱনতি ঘটে, যাৰ বাবে পাটনাৰ চিকিৎসকে দিল্লীলৈ নিয়াৰ পৰামৰ্শ দিছে।

আজি ঘৰৰ পৰা ওলোৱাৰ পাছতে হঠাতে অধিক অৱনতি ঘটাত পাৰস হাস্পতাললৈ লৈ যোৱা হয়। সেই সময়ত লগত আছিল পত্নী ৰাবৰী দেৱী আৰু পুত্ৰ তেজস্বী যাদৱ।

বিগত দুদিন ধৰি লালু যাদৱৰ স্বাস্থ্য বেয়া আছিল, যদিও আজি আৰু অধিক বেয়াৰ ফালে ধাল খায়। শেহতীয়াকৈ তেখেতক অক্সিজেন মাস্ক লৈ বিচনাত পৰি থকা দেখা গৈছিল।

জানিব পৰা মতে, ব্লাড চুগাৰ বৃদ্ধিৰ বাবে অসুস্থ হৈ পৰিছে আৰজেডিৰ নেতা লালু প্ৰসাদ যাদৱ। দুপৰীয়াৰ ভাগত তেখেতক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ পঠোৱাৰ প্ৰস্তুতি চলি আছিল।


দিল্লীৰ এইমছ হাস্পতালত তেখেতৰ চিকিৎসা চলিব। বিশেষ বিমানেৰে লৈ যোৱা হৈছে দিল্লীলৈ।

You may also like