Saturday, October 25, 2025
Eng
Home » বিহুৰ বতৰত অসমবাসীলৈ ভাল খবৰ,জি আই টেগৰ স্বীকৃতি অসমীয়া গহনালৈ

বিহুৰ বতৰত অসমবাসীলৈ ভাল খবৰ,জি আই টেগৰ স্বীকৃতি অসমীয়া গহনালৈ

by admin
0 comments

ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ প্ৰাকক্ষণত অসমবাসীৰ বাবে এটি সুখবৰ ৷ অসমীয়া গহনালৈ জিঅ’গ্রাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে প্ৰদান কৰিছে জি আই টেগ ৷ জাপি,ঢোল,থুৰীয়া,পেপাঁ আৰ্হিৰ গহনালৈয়ো জি আই টেগ ।

পূৰ্বে গামোচা,নেমুটেঙালৈ দিয়া হৈছিল জি আই টেগৰ স্বীকৃতি ।পাটসোন,জেঠিপতি,ঢোলবিৰিটো জি আই টেগ।সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিলে এই কথা।


বহিঃৰাজ্যৰ পৰা আমদানিকৃত অসমীয়া গহনা আৰু নকল গহনাৰ পয়োভৰ ৰোধৰ ক্ষেত্ৰত এই সিদ্ধান্তই এতিয়াৰে পৰা পালন কৰিব গুৰুত্বপূৰ্ণ ভূমিকা। আমাৰ ঐতিহ‍্য সংস্কৃতিৰ সৈতে অংগাংগীভাবে জড়িত অসমীয়া গহনাক প্ৰদান কৰা হৈছে ভৌগোলিক সূচাংক অৰ্থাৎ জি আই টেগৰ স্বীকৃতি।ব’হাগ বিহুৰ পূৰ্বে অসমবাসীলৈ আহিল এই ভাল খবৰটি।

২০১৮-১৯ বর্ষৰ বাজেট উত্থাপনত অসমৰ শিল্পীসকলৰ সুৰক্ষা আৰু স্বীকৃতিৰ প্রতি লক্ষ্য ৰাখি প্রস্তাৱ গ্রহণ কৰা হৈছিল। এই প্রস্তাৱে লাভ কৰিলে ন্যায্যতা।অসমীয়া গহনা উদ্যোগৰ সৈতে জড়িত আটাইলৈ তথা অসমবাসীলৈ এই গৌৰৱময় মুহূর্তত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You may also like