Thursday, October 16, 2025
Eng
Home » ভাৰতত বন্ধ হ’ল পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ এক্স একাউণ্ট

ভাৰতত বন্ধ হ’ল পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ এক্স একাউণ্ট

ভাৰতত বন্ধ হ'ল পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ এক্স একাউণ্ট, পেহেলগামৰ ঘটনা সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰাৰ বাবে ব্লক কৰে এক্স একাউণ্ট

by admin
0 comments

মঙলবাৰে ভাৰতত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ এক্স একাউণ্টত বন্ধ কৰি দিয়ে কেন্দ্ৰীয় চৰকাৰে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰাৰ বাবে মঙলবাৰে ভাৰত চৰকাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এক্স একাউণ্ট ব্লক কৰে।

মঙলবাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ এক্স একাউণ্টত বন্ধ কৰি দিয়ে কেন্দ্ৰীয় চৰকাৰে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰাৰ বাবে মঙলবাৰে ভাৰত চৰকাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এক্স একাউণ্ট ব্লক কৰে।

সোমবাৰে খোৱাজা আছিফে এক সাক্ষাৎকাৰত ভাৰতৰ সামৰিক আগ্ৰাসন সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ টিভিৰ এক সাক্ষাৎকাৰত খোৱাজা আছিফে দাবী কৰিছিল যে পাকিস্তানৰ সেনাই ভাৰতীয় আক্ৰমণৰ সম্ভাৱনাৰ বিষয়ে চৰকাৰক অৱগত কৰিছিল।

বিগত সপ্তাহত স্কাই নিউজৰ সাক্ষাৎকাৰত আছিফক সুধিছিল যে, পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনসমূহক সমৰ্থন, প্ৰশিক্ষণ আৰু পুঁজি” দিয়াৰ দীৰ্ঘ ইতিহাস আছে নেকি? তেওঁ স্পষ্টভাৱে স্বীকাৰ কৰিছিল এই কথা। তেওঁৰ এই মন্তব্যৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতে ৰাষ্ট্ৰসংঘত এই বিষয়টো উত্থাপন কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ বিষয়ে “মিছা, উচটনিমূলক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু” প্ৰচাৰ কৰাৰ অভিযোগত ১৬টা পাকিস্তানী ইউটিউব চেনেল ব্লক কৰিছিল আৰু লগতে বিবিচিয়ে পেহেলগাম আক্ৰমণৰ প্ৰতিবেদনত তীব্ৰ আপত্তি প্ৰকাশ কৰিছিল।

You may also like