Home » আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন, আৰম্ভ ভোটদান প্ৰক্ৰিয়া

আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন, আৰম্ভ ভোটদান প্ৰক্ৰিয়া

আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন । ৰাজ্যৰ ১৩খন জিলাত ভোটগ্ৰহণ।

by admin
0 comments

আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। ৰাজ্যৰ ১৩খন জিলাত ভোটগ্ৰহণ। পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া। বিয়লি ৪:৩০ বজাত সমাপ্ত হ’ব ভোটদান প্ৰক্ৰিয়া। আজি উজনি অসম আৰু বৰাকত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন।

কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, যোৰহাট, গোলাঘাট, তিনিচুকীয়া, ডিব্ৰুগড়, মাজুলী, চৰাইদেউ, শিৱসাগৰ, ধেমাজী, লখিমপুৰ, শোণিতপুৰত আজি নিৰ্বাচন। বেলট পেপাৰৰ জৰিয়তে অনুষ্ঠিত ভোটদান প্ৰক্ৰিয়া। ইতিমধ্যে কটকটীয়া নিৰাপত্তাৰ মাজত আৰম্ভ ভোটদান।

সুদীৰ্ঘ ৭ বছৰৰ মূৰত হৈছে পঞ্চায়ত নিৰ্বাচন। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰৰ বাবে এই নিৰ্বাচন। তৃণমূলত প্ৰতীকবিহীনভাৱে অনুষ্ঠিত হৈছে নিৰ্বাচন। সাজু হৈছে ২ হাজাৰ ১৯৭ খন গাঁওপঞ্চায়ত, ১৮১খন আঞ্চলিক পঞ্চায়ত। সাজু প্ৰিজাইডিং, প’লিং বিষয়াসকল।

২১,৯২০টা গাঁও পঞ্চায়তৰ সদস্য, ২,১৯২টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৩৯৭টা জিলা পৰিষদৰ সদস্যৰ বাবে নির্বাচন অনুষ্ঠিত নিৰ্বাচন। ২,১৯২খন গাঁও পঞ্চায়তৰ ২,১৯২জন সভাপতি আৰু ২,১৯২জন উপসভাপতি নির্বাচন কৰা হ’ব। ইয়াৰে ৯,২৭০ খন মুক্ত আসন।

এই আসনসমূহৰ ভিতৰত মহিলাৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ১০,৮৮৩ খন। এই বাৰ নিৰ্বাচনত প্রতীকত ৰাজনৈতিক দলৰ প্ৰতীক নাই । তাৰ বিপৰীতে আঞ্চলিক পঞ্চায়তৰ সদস্য ২,১৯২জন আৰু জিলা পৰিষদৰ ৩৯৭জনহে ৰাজনৈতিক দলৰ প্রতীকত নির্বাচন খেলিব। প্রায় ৯০.৭১লাখ পুৰুষ, ৮৯.৬৫লাখ মহিলা ভোটাৰে ভোটদান কৰিব লগা নিৰ্বাচনৰ বাবে ব্যাপক প্রস্তুতি প্রশাসনৰ।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Feature Posts

Guide Map