Thursday, January 15, 2026
Eng
Home » ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা! অসমৰ ক’ত-ক’ত হ’ব যুদ্ধৰ আখৰা?

ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা! অসমৰ ক’ত-ক’ত হ’ব যুদ্ধৰ আখৰা?

by Priyanka borah
0 comments

৬ মে’ ২০২৫ঃ ১৯৭১ ৰ যুদ্ধৰ পিছত দেশত কাইলৈ পুনৰ সৰ্ববৃহৎ যুদ্ধৰ আখৰা। পাকিস্তানে কাইলৈ বুজিব লাগিব যুদ্ধৰ বাবে সাজু ভাৰত । দেশজুৰি কাইলৈ বাজিব যুদ্ধৰ ছাইৰেন । অসমৰ ১৬ টাকৈ স্থানত যুদ্ধৰ আখৰাৰ বাবে সাজু চৰকাৰ, সামৰিক বাহিনী বৃদ্ধি পাইছে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা। ৰাজ্যসমূহলৈ গৃহ মন্ত্ৰালয়ৰ জৰুৰী নিৰ্দেশনা। ৰাজ্যসমূহক ৭ মে’ত যুদ্ধৰ অনুশীলন কৰিবলৈ নিৰ্দেশনা গৃহ মন্ত্ৰালয়ৰ। অসমৰ ২০খনকৈ স্থানত অনুষ্ঠিত হ’ব যুদ্ধৰ আখৰা।

বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, ডিগবৈ, দুলীয়াজান, গুৱাহাটী, ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ, নুমুলীগড়ত হ’ব Category-IIৰ যুদ্ধৰ আখৰা।

দৰং, গোলাঘাট, কাৰ্বিআংলং, কোকৰাঝাৰত হ’ব Category-IIIৰ যুদ্ধৰ আখৰা।

১৯৭১ চনৰ পিছত প্ৰথমবাৰৰ বাবে অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেইবাখনো ৰাজ্যলৈ সামৰিক অনুশীলন চলাবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে।

You may also like